ৰাছিয়াই নিক্ষেপ কৰা বোমা বিস্ফোৰিত হৈ ইউক্ৰেইনত কমেও ৩০ জন লোকৰ মৃত্যু হয় । দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ মাজতেই পূব ইউক্ৰেইনত যাত্ৰীৰে ঠাহ খাই থকা বাছ এখনত বোমা নিক্ষেপ কৰাত এই যাত্ৰীকেইগৰাকীয়ে প্ৰাণ হেৰুৱায় ।বৃহস্পতিবাৰে ইউক্ৰেইন কৰ্তৃপক্ষই এই কথা সদৰী কৰিছে । এই বিস্ফোৰণৰ পিছতে চহৰখনত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে । উল্লেখ্য যে ইউক্ৰেইনৰ ডনেস্কৰ যুদ্ধবিধ্বস্ত ক্ৰমাটৰ্স্ক চহৰৰ বাছ আস্থানৰ কাষত পুৱাই চলা এই আক্ৰমণৰ ফলত স্থানীয় জনসাধাৰণ শংকিত হৈ পৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *