ব’হাগৰ উমাল বতৰৰ মাজতে ৰাজ্যজুৰি অব্যাহত থকা বৰষুণৰ প্ৰকোপে হ্ৰাস কৰি ৰাখিছে তাপমাত্ৰা। চ’তৰ শেষৰ পৰাই হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত স্বাভাৱিকতকৈ বহু পৰিমাণে কমিছে গৰমৰ প্ৰকোপ। দেওবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা শেহতীয়া পূৰ্বানুমান অনুসৰি আগন্তুক ২৪ ঘণ্টাতো অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বৰষুণৰ ধাৰা অব্যাহত থকাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে অসম আৰু মেঘালয়ৰ অধিকাংশ ঠাইৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট। ইফালে মিজোৰামৰ কেইবাটাও অঞ্চলত বৰষুণৰ লগতে তাপমাত্ৰাৰ যথেষ্ট সালসলনি হোৱাৰো আশংকা ব্যক্ত কৰিছে বিভাগটোৱে। বৰষুণৰ সমান্তৰালভাৱে এই ৰাজ্যসমূহত বজ্ৰপাত আৰু ধুমুহা অহাৰো সতৰ্কতা জাৰি কৰা হৈছে। এই সময়ছোৱাত গুৱাহাটী মহানগৰীৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত বতৰ ডাৱৰীয়া হৈ থাকিব। পৰৱৰ্তী ২৪ ঘণ্টাত মহানগৰীত সৰ্বোচ্চ ২৯ ডিগ্ৰী আৰু সৰ্বনিম্ন ২৩ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে ৰাজ্যৰ অন্যান্য প্রান্ত যেনে ডিব্ৰুগড়ত ২৬.৬ ডিগ্ৰী, তেজপুৰত ২৭.৬ ডিগ্ৰী আৰু শিলচৰত ২৮.৮ ডিগ্ৰী চেলচিয়াছ সৰ্বোচ্চ তাপমাত্ৰা থাকিব পাৰে বুলি কেন্দ্ৰটোৱে তথ্য প্ৰকাশ কৰিছে। মাজে-মাজে বৃদ্ধি পোৱা বৰষুণৰ মাত্ৰাই ইতিমধ্যে ৰাজ্যৰ একাংশ ঠাইত কৃত্ৰিম বানৰ সমস্যাও সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation নাগালেণ্ডত আলফা (স্বা) ৰ তিনি কেডাৰ গ্ৰেপ্তাৰ; অৰুণাচলত এন এচ চি এন (আই এম)ৰ শীৰ্ষ নেতাৰ আত্মসমৰ্পণ প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ পকেটত ৰাখক পিঁয়াজঃ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ পৰামৰ্শ