উত্তৰ ভাৰতত অব্যাহত থকা প্ৰচণ্ড গৰমৰ মাজতে দেওবাৰে এক ব্যতিক্ৰমী পৰম্পৰাগত বিধান আগবঢ়াই চৰ্চালৈ আহে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ পিছোৰত এটা নতুন তহচিল ভৱন উদ্বোধন কৰি ৰাইজক সম্বোধন কৰাৰ সময়তে পকেটত এটা পিঁয়াজ ৰাখিবলৈ পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে। গৰমৰ প্ৰকোপৰ পৰা বাচি থাকিবলৈ এয়া এক সহজ আৰু ফলপ্ৰসূ উপায় বুলি তেওঁ ৰাজহুৱাকৈ মন্তব্য কৰে। নিৰ্বাচনী যুঁজৰ সমান্তৰালভাৱে গৰমৰ বিৰুদ্ধে যুঁজিবলৈ পিঁয়াজৰ গুৰুত্ব বুজাবলৈ গৈ সিন্ধিয়াই কয়, “মই দেখিবলৈ ডেকা হ’ব পাৰোঁ, কিন্তু মোৰ আত্মা যথেষ্ট পুৰণি। আপুনি আপোনাৰ পকেটত এটা পিঁয়াজ ৰাখক, গৰমে আপোনাৰ একো কৰিব নোৱাৰে।” আনকি নিজৰ জেপৰ পৰা এটা পিঁয়াজ উলিয়াই ৰাইজক দেখুৱাই তেওঁ কয় যে মই নিজেও মে’-জুন মাহৰ ৫১ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত গাড়ীৰ এ চি ব্যৱহাৰ নকৰাকৈ কাম কৰিব পাৰোঁ। প্ৰণিধানযোগ্য যে সমগ্ৰ উত্তৰ ভাৰতত বৰ্তমান ৪২ৰ পৰা ৪৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত গৰম অনুভূত হৈছে। ৰাজস্থানৰ বাৰমেৰ আৰু উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ দৰে চহৰত তাপমাত্ৰা ৪৮ ডিগ্ৰী চেলচিয়াছৰ ওচৰ পাইছেগৈ। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে পিঁয়াজত থকা এণ্টিঅক্সিডেণ্টে শৰীৰ শীতল কৰি ৰখাত সহায় কৰে। আধুনিক জীৱনশৈলীৰ মাজত এনেবোৰ পুৰণি পৰম্পৰাগত পদ্ধতিক পাহৰি নাযাবলৈও আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে সমাগত পশ্চিমীয়া প্ৰভাৱৰ ফলত অহা ২৮ এপ্ৰিলৰ পৰা পাতলীয়া বৰষুণ আৰু ধূলিৰ ধুমুহা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ৰাজ্যখনত প্ৰচণ্ড গৰমৰ পৰা কিছু সকাহ পোৱা যাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আশা ব্যক্ত কৰিছে। গৰমৰ এই তীব্ৰতাৰ মাজতে জনসাধাৰণক অধিক পানী খাবলৈ আৰু সূৰ্যৰ প্ৰত্যক্ষ তাপৰ পৰা বাচি থাকিবলৈ বিভাগীয় কৰ্তৃপক্ষই বিশেষ সতৰ্কতা জাৰি কৰিছে। Share this:FacebookX Related Post navigation প্ৰচণ্ড গৰমৰ পৰা সকাহ; আগন্তুক ২৪ ঘণ্টাত ৰাজ্যজুৰি বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ