নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত নিৰাপত্তাৰক্ষীৰ পৃথক অভিযানত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন) আৰু এন এচ চি এন (আইএম)ৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা। শুকুৰবাৰে নিশা নাগালেণ্ডৰ মন জিলাত চলি থকা এক যৌথ অভিযানৰ সময়ত তিনিজন সক্ৰিয় আলফা কেডাৰক আটক কৰে নিৰাপত্তাবাহিনীয়ে। আনহাতে, শনিবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত এন এচ চি এন (আইএম)ৰ এজন শীৰ্ষ নেতাই নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নাগালেণ্ডৰ ফমচিং অঞ্চলত সক্ৰিয় হৈ থকা আলফা (স্বা)ৰ গোটটোৱে চাংনিউ গাঁৱৰ দিশে আগবাঢ়ি থকাৰ সময়তে নিৰাপত্তাৰক্ষীৰ জালত পৰে। ধৃত কেডাৰকেইজনক তেজপুৰৰ স্বয়ম্ভূ লেফটেনেণ্ট গজেন্দ্ৰ অসম, যোৰহাটৰ স্বয়ম্ভূ লেন্স কৰ্পোৰেল ব্ৰজেন অসম আৰু গোলাঘাটৰ স্বয়ম্ভূ চাৰ্জেণ্ট পোহৰ অসম বুলি চিনাক্ত কৰা হৈছে। এজন আৰক্ষী বিষয়াই এই সন্দৰ্ভত জানিবলৈ দি কয়, “গজেন্দ্ৰ অসমে ২০১১ চনতে সংগঠনটোত যোগ দিয়াৰ বিপৰীতে ব্ৰজেন আৰু পোহৰে ক্ৰমে ২০২২ আৰু ২০১৯ চনত যোগদান কৰিছিল। তেওঁলোকে সক্ৰিয়ভাৱে ধনদাবীমূলক কাৰ্যৰ সৈতে জড়িত হৈ আছিল।” ইফালে, অৰুণাচল প্ৰদেশৰ খোনছা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এন এচ চি এন (আই এম)ৰ স্বয়ম্ভূ লেফটেনেণ্ট থিনৱাং ডিঅ’চাই আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে। ৬০ বছৰীয়া থিনৱাঙে এটা আমেৰিকান নিৰ্মিত পিষ্টল, এটা মেগাজিন আৰু সাতজাই সক্ৰিয় গুলীসহ অসম ৰাইফলছ আৰু আৰক্ষীৰ ওচৰত শৰণাপন্ন হয়। চোৰাংচোৱাৰ তথ্য আৰু নিৰাপত্তাৰক্ষীৰ নেৰানেপেৰা আলোচনাৰ ফলতেই বিদ্ৰোহী নেতাজনে শান্তিৰ পথলৈ উভতি অহাৰ সিদ্ধান্ত লয়। Share this:FacebookX Related Post navigation ডিটেনচন কেম্পত নাই এজনো বঙালী হিন্দু; প্ৰমাণ পালে পদত্যাগৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ