ৰেড বুল এৰিনাত অনুষ্ঠিত এখন ৰুদ্ধশ্বাস ফাইনেল খেলত এষ্টন ভিলাক ২-১ ব্যৱধানত পৰাস্ত কৰি পেৰিছ ছেইণ্ট-জাৰ্মেইনে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে উৱেফা ছুপাৰ কাপ খিতাপ জয় কৰি ২০২৬/২৭ ছিজনৰ বিজয় যাত্ৰা আৰম্ভ কৰিছে। খেলখনৰ ২০ মিনিটত খভিচা কভাৰাটস্খেলিয়াই এক সুন্দৰ গ’লৰে পিএছজিক প্ৰথম অগ্ৰগতি দিয়ে। অৱশ্যে প্ৰথম অৰ্ধ শেষ হোৱাৰ ঠিক পূৰ্বে এষ্টন ভিলাৰ ১৭ বছৰীয়া যুৱ খেলুৱৈ ব্ৰায়ান মাদজোৱে জন মেকগিনৰ ক্ৰছৰ পৰা ভলীত আকৰ্ষণীয় গ’ল কৰি খেলখনত সমতা ঘূৰাই আনে। দ্বিতীয় অৰ্ধত পিএছজিৰ ২১ বছৰীয়া ফুটবলাৰ দেজিৰে ডুৱে নিৰ্ণায়ক গ’লটো দিয়ে। প্ৰথম অৱস্থাত অফছাইডৰ বাবে গলটো নাকচ কৰা হৈছিল যদিও বিএআৰ পৰীক্ষাৰ পাছত ৰেফাৰী ওমৰ আৰ্টানে ইয়াক বৈধ গ’ল হিচাপে ঘোষণা কৰে। এয়াক্স (১৯৭৩, ১৯৭৪), এ চি মিলান (১৯৮৯, ১৯৯০) আৰু ৰিয়াল মাদ্ৰিদৰ (২০১৬, ২০১৭) পাছত পিএছজি ক্ৰমাগত দুবাৰ উৱেফা ছুপাৰ কাপ অৰ্জন কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হয়। মাত্ৰ ১৭ বছৰ ২১২ দিন বয়সত ফাইনেলত গ’ল কৰা মাদজো উৱেফা ছুপাৰ কাপৰ ইতিহাসত গ’ল কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে চিহ্নিত হয় (১৯৯৬ চনত পেট্ৰিক ক্লাইভাৰ্টৰ ১৯ বছৰ ২২০ দিনৰ অভিলেখ ভংগ কৰি)। লগতে ২০০৬ চনৰ পাছত এই প্ৰতিযোগিতাত একাদশত স্থান পোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈও হ’ল মাদজো। পিএছজিৰ মেনেজাৰ লুইছ এনৰিকেই ক্লাৱটোৰ হৈ ১৪ সংখ্যক আৰু কেৰিয়াৰৰ ২৩ সংখ্যক খিতাপ নিজৰ নামত কৰে। কাৰ্লো এনচেলোটি (৫) আৰু পেপ গাৰ্ডিওলাৰ (৪) পাছত ৩ বা তাতোধিক উৱেফা ছুপাৰ কাপ জিকা মেনেজাৰৰ তালিকাত স্থান পালে এনৰিকেই। ২০২৫ চনৰ চেম্পিয়নছ লীগত এষ্টন ভিলাৰ বিৰুদ্ধে ৫-৪ ৰ খেলখনৰ দৰেই এই খেলখনতো পিএছজিয়ে নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰি ২০২৬/২৭ নতুন ছিজনটো ট্ৰফীৰে আৰম্ভ কৰিবলৈ সক্ষম হয়। Share this:FacebookX Related Post navigation আইচিচি এদিনীয়া বিশ্বকাপ ২০২৭-লৈ আফগানিস্তানৰ অৰ্হতা অৰ্জন