চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাৰ অকাল মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগেৰে আজি উত্তপ্ত হৈ পৰিল ৰঙিয়া। চহৰখনৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ‘স্বস্তি হাস্পতাল’ত এই ঘটনা সংঘটিত হয়। মৃত মহিলাগৰাকী ৰঙিয়াৰ ২ নং নকুলগাঁও নিবাসী সুভান কলিতাৰ পত্নী ভৱানী কলিতা (৪৮) বুলি চিনাক্ত কৰা হৈছে। এই মৃত্যুক কেন্দ্ৰ কৰি ক্ষুব্ধ স্থানীয় ৰাইজে চিকিৎসালয়খনৰ মুখ্যদ্বাৰত তলা লগাই অভিযুক্ত চিকিৎসকজনক বিচাৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ২৬ জুনত ভৱানী কলিতাৰ জৰায়ুৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। তিনি দিনৰ চিকিৎসাৰ অন্তত তেওঁ কিছু সুস্থ হোৱাত ঘৰলৈ যাবলে দিয়া হয়। কিন্তু যোৱা ৪ জুলাইত মহিলাগৰাকী পুনৰ অসুস্থ হোৱাত তেওঁক দ্বিতীয়বাৰৰ বাবে স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসকে তেওঁ নিউম’নিয়াত আক্ৰান্ত হোৱাৰ লগতে হাঁওফাঁওত সংক্ৰমণ হোৱা বুলি পৰিয়ালক অৱগত কৰে। সেইমতে চিকিৎসা প্ৰদান কৰাৰ পিছত কালি নিশা তেওঁক পুনৰ ঘৰলৈ যাবলৈ অনুমতি দিয়ে। ঘৰলৈ নিয়াৰ পিছতেই নিশা ৰোগীগৰাকীৰ শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটে। পৰিয়ালৰ লোকে তেওঁক বুধবাৰে পুৱতি নিশা ততাতৈয়াকৈ পুনৰ হাস্পতাললৈ লৈ আহে যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে। স্থানীয় ৰাইজৰ অভিযোগ যে সংক্ৰমণৰ বাবে নহয়, বৰঞ্চ অস্ত্ৰোপচাৰত হোৱা ক্ৰটি আৰু চিকিৎসকৰ চৰম ভুলৰ বাবেই মহিলাগৰাকীয়ে অকাল মৃত্যুক সাবটি ল’বলগীয়া হয়। ইফালে, চিকিৎসালয় চৌহদত দীৰ্ঘসময় ধৰি চলা এই উত্তপ্ত পৰিস্থিতিৰ খবৰ পাই ৰঙিয়াৰ মহকুমা প্ৰশাসন আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে। আনহাতে, স্বস্তি হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেন্দ্ৰ কলিতাই দাবী কৰা মতে, দ্বিতীয়বাৰ ভৰ্তি কৰোৱাৰ পিছত পৰিয়ালৰ হেঁচাতহে তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল আৰু পুৱতি নিশা মৃত অৱস্থাতে তেওঁক চিকিৎসালয়লৈ অনা হৈছিল। অৱশ্যে পিছত উভয় পক্ষৰ আলোচনাৰ অন্তত চিকিৎসালয় কৰ্তৃপক্ষই দুৰ্ভগীয়া পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ লগতে চিকিৎসা ব্যয়ৰ ধনৰাশি ওভতাই দিয়াৰ আশ্বাস দিয়াতহে পৰিস্থিতি শান্ত হয়। পৰৱৰ্তী সময়ত বুধবাৰে দুপৰীয়া মহিলাগৰাকীৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ স্বামীৰ লগতে দুগৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ যায়। Share this:FacebookX Related Post navigation সাংবাদিকক যৌন নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প, ভুক্তভোগীক ৫ মিলিয়ন ডলাৰ ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ যোগীঘোপাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ, আদালতৰ নিৰ্দেশত প্ৰেৰণ জেল হাজোতলৈ