এক্সপৰ্ট-ইম্পৰ্ট বেংক অৱ ইণ্ডিয়া (ইণ্ডিয়া এক্সিম বেংক)-এ পূৰ্বানুমান কৰিছে যে ২০২৯-৩০ বৰ্ষৰ ভিতৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল(এনইআৰ)ৰ পৰা হোৱা ৰপ্তানি ৯২৯.২ মিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ১.৫ বিলিয়ন মাৰ্কিন ডলাৰ হ’বগৈ পাৰে। অৱশ্যে ইয়াৰ বাবে সমগ্ৰ অঞ্চলটোত নিৰ্দিষ্ট নীতিগত পদক্ষেপ, আন্তঃগাঁথনিৰ উন্নয়ন আৰু ৰপ্তানি বহুমুখীকৰণৰ দৰে পদক্ষেপসমূহ ৰূপায়ণ কৰিব লাগিব।
সোমবাৰে গুৱাহাটীত ইণ্ডিয়া এক্সিম বেংক আৰু নৰ্থ ইষ্টাৰ্ন ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেচন লিমিটেড (নেডফি)ৰ যৌথ উদ্যোগত আয়োজিত “এমএছএমই: উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ইঞ্জিন” শীৰ্ষক এক আলোচনা চক্ৰত এই প্ৰতিবেদনখন প্ৰকাশ কৰা হয়। ”ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ: ৰপ্তানিৰ প্ৰেক্ষাপট আৰু নীতিগত অন্তৰ্দৃষ্টি” শীৰ্ষক এই অধ্যয়নমূলক প্ৰতিবেদনখন নেডফি-ৰ অধ্যক্ষ পিভিএছএলএন মূৰ্তি আৰু আইআইটি গুৱাহাটী ইনকিউবেচন চেণ্টাৰৰ মুখ্য কাৰ্যবাহী বিষয়া উৰ্মি বৰগোহাঁইয়ে এক্সিম বেংকৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত উন্মোচন কৰে।
এই অধ্যয়ন অনুসৰি, যোৱা এক দশকত উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতি সুস্থিৰভাৱে বৃদ্ধি পাইছে। অঞ্চলটোৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২০১৪-১৫ বৰ্ষৰ ২.৮ ট্ৰিলিয়ন টকাৰ পৰা বৃদ্ধি পাই ২০২৩-২৪ বৰ্ষত ৫.১ ট্ৰিলিয়ন টকা হৈছেহি। সমগ্ৰ অঞ্চলটোৰ মুঠ অৰ্থনৈতিক উৎপাদনৰ ৬৩.৫ শতাংশ অংশদাৰিত্বৰে অসমে আঞ্চলিক অৰ্থনীতিত নিজৰ আধিপত্য বজাই ৰাখিছে।
প্ৰতিবেদনখনত ভাৰতৰ এক্ট ইষ্ট আৰু চুবুৰীয়া প্ৰথম নীতিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ কৌশলগত গুৰুত্বৰ কথা উল্লেখ কৰা হৈছে। চুবুৰীয়া দেশ আৰু আছিয়ান বজাৰসমূহৰ বাবে এই অঞ্চলটো এক সম্ভাৱ্য বাণিজ্য কেন্দ্ৰ আৰু বাণিজিক দুৱাৰমুখ হ’ব পাৰে বুলি ইয়াত দোহৰা হৈছে। প্ৰতিবেদনখনত চাহৰ বাহিৰেও অন্যান্য সামগ্ৰীৰ ৰপ্তানি বহুমুখীকৰণ কৰা, কৃষি-সংসাধন শক্তিশালী কৰা, গুণগত মান পৰীক্ষাৰ আন্তঃগাঁথনি উন্নত কৰা, বহুমুখী পৰিবহণ নেটৱৰ্ক সম্প্ৰসাৰণ কৰা আৰু উত্তৰ-পূবৰ ৰপ্তানি প্ৰতিযোগিতা তথা দক্ষিণ-পূব এছিয়াৰ সৈতে অৰ্থনৈতিক সংহতি বৃদ্ধিৰ বাবে এক উত্তৰ-পূব ৰপ্তানি প্ৰসাৰ পৰিষদ গঠনৰ বিভিন্ন দিশসমূহ পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *