নিমিষা ঠাকুৰীয়া হত্যাকাণ্ডৰ সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত বলীন দেউৰীৰ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য ৷আৰক্ষী বিষয়া দেউৰীয়ে কয়,”সপ্তাহত দুই-তিনিদিন সেই হোমষ্টে খনলৈ দুয়ো গৈছিল ৷ উক্ত ঘটনাৰ দিনা দুয়োজনে সুৰা সেৱন কৰিছিল ৷ তাৰ পাছত দুয়োগৰাকীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ তেতিয়া নিমিষাক হত্যা কৰা হৈছিল ৷”ইফালে নিমিষাৰ মাতৃয়ে সংবাদ মাধ্যমত কৰা মন্তব্যৰ সন্দৰ্ভটো তদন্ত চলিব বুলি উল্লেখ কৰি তেওঁ কয়,”যিহেতুকে নিশা ২.০২ বজাত নিমিষাই মাকলৈ ফোন কৰি কৈছিল যে, ‘সিহঁতে মোক বুকুত গোৰ মাৰিছে’ বুলি ৷ সিহঁত কোন এই বিষয়ে তদন্ত চলি আছে আৰু হোমষ্টেখনৰ কৰ্মচাৰীকো সোধা-পোচ কৰা হৈছে ৷ নিমিষাৰ শৰীৰৰ ভিন্ন স্থানত আঘাত আছিল ৷ মুখেৰে তেজ ওলাই আছিল ৷”হোমষ্টেখনৰ সন্দৰ্ভত তেওঁ কয়,”হোমষ্টেখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব ৷ যিহেতুকে তেওঁলোকক উপযুক্ত নথি-পত্ৰ নথকাকৈ হোমষ্টেত থাকিবলৈ দিয়া হৈছিল নিমিষা-আছিফক ৷ যিটো আইন বিৰোধী ৷ তেওঁলোকৰ বিয়া হোৱা নাছিল তাৰ পাছতো কেনেকৈ উপযুক্ত নথি-পত্ৰ নথকাকৈ হোমষ্টেত থাকিবলৈ দিছিল ?”

Leave a Reply

Your email address will not be published. Required fields are marked *