ম্যানমাৰৰ সেনাই সোমবাৰে এটা শক্তিশালী বিদ্ৰোহী গোটৰ নিয়ন্ত্ৰণত থকা অঞ্চলত বজাৰৰ সমীপত চলোৱা বিমান আক্ৰমণত প্ৰায় ৪৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৮ জন লোক আহত হয় ৷দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালেৰ পৰা প্ৰায় ৩৪০ কিলোমিটাৰ (২১০ মাইল) পশ্চিমে অৱস্থিত কিউক্টাও টাউনশ্বিপত সোমবাৰৰ এই আক্ৰমণ সংঘটিত হয় । কিউক্টাও ৰাখাইনত অৱস্থিত এটা শক্তিশালী জনগোষ্ঠীয় সশস্ত্ৰ গোট আৰাকান সেনাৰ নিয়ন্ত্ৰণত আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *