সন্ত্ৰাসবাদী কাৰ্যকলাপৰ শিপা উভালি পেলোৱাৰ লক্ষ্যৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এনআইএয়ে অসমত পুনৰ আৰম্ভ কৰিছে এক ব্যাপক অভিযান। জেহাদী নেটৱৰ্কৰ সৈতে সক্ৰিয়ভাৱে জড়িত থকাৰ সন্দেহত বৰপেটাৰোডৰ আজাদ নগৰ অঞ্চলত থকা মুস্তাফিজুৰ ৰহমান নামৰ এজন ব্যৱসায়ীৰ বাসগৃহত এনআইএৰ এটা বিশেষ দলে অভিযান চলাই সন্দেহজনক ব্যক্তিজনক আটক কৰে। জানিব পৰা মতে, বৰপেটাৰোড চহৰৰ জামে মছজিদৰ সন্মুখত এখন কাপোৰৰ দোকান চলাই অহা মুস্তাফিজুৰ ৰহমানক বিগত ১৪ মাৰ্চত জেহাদী কাৰ্যকলাপৰ অপৰাধত অসম আৰক্ষীৰ এছটিএফে গ্ৰেপ্তাৰ কৰিছিল। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মাত্ৰ দুমাহ পূৰ্বে জামিনত মুকলি হৈ অহাৰ পিছতো তেওঁ পুনৰ এনে দেশবিৰোধী চক্ৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ অভিযোগ উঠিছে। তালাচীৰ সময়ত এনআইএৰ দলটোৱে তেওঁ ব্যৱহাৰ কৰা মোবাইল ফোনটো জব্দ কৰি সংগ্ৰহ কৰে বিভিন্ন তথ্য। আজাদ নগৰৰ এই অভিযানৰ পিছতেই এনআইএৰ তদন্তকাৰী দলটোৱে নিচুকা গাঁৱতো এক অভিযান চলায়। সেই স্থানৰ পৰাও জেহাদী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত য়াকুব আলী নামৰ আন এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় তদন্তকাৰী সংস্থাটো। আটকাধীন মুস্তাফিজুৰ ৰহমান আৰু য়াকুব আলী নামৰ দুয়ো সন্দেহযুক্ত জেহাদীকে বৰপেটাৰোড থানাত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু পৰৱৰ্তী পৰিকল্পনাৰ তথ্য উদ্ঘাটনৰ উদ্দেশ্যে দুয়োকে বৰপেটাৰোড থানাত জেৰা অব্যাহত ৰাখিছে নিৰাপত্তা সংস্থাই। Share this:FacebookX Related Post navigation লাভলীনা বৰগোহাঁইৰ এছিয়ান গেমছত পদক নিশ্চিত এয়াই যদি প্ৰেম, তেন্তে ঘৃণা কি? যোৰহাটত কঁকালৰ বেল্টেৰে প্ৰেমিকে চিৰাচিৰ কৰিলে প্ৰেয়সীৰ পিঠি