১৯২৪ চনত ব্ৰিটিছৰ শাসন কালতে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰা পবা বনাঞ্চলত চৰকাৰী তথ্য মতে, বৰ্তমান প্ৰায় ১০,২২১ হেক্টৰ বনভূমি আগুৰি আছে । পবা সংৰক্ষিত বনাঞ্চল বৰ্ষাৰণ্য হিচাপে পৰিচিত এই বনাঞ্চলখনৰ কাষতে আছে পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ মুখ্য ভূমিৰূপে বিখ্যাত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় অভায়াৰণ্য আৰু উত্তৰ পূবফালে আছে অৰুণাচল প্ৰদেশৰ ডি-ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য ।কবু চাপৰিলৈ কাষতে থকা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ডি-ইৰিং বনাঞ্চল আৰু পবা বনাঞ্চলৰ পৰা বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিয়ে পুনৰ ঘূৰি আহি আনন্দত গীত গাই বাহ সজাত ব্যস্ত গছৰ ডালে ডালে ৷ মুঠৰ ওপৰত এসময়ৰ মানুহৰেৰে ভৰি থকা কবু চাপৰি পৰিণত হৈছে বিভিন্ন বণ্যপ্ৰাণীৰ আৱাসভূমিলৈ ৷
কিয় বন্য প্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা নাই ?

প্ৰকৃতিপ্ৰেমীগৰাকীয়ে পুনৰ কয়,” ২০২৪ চনৰ আগষ্টত তদানীন্তন বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পবা বনাঞ্চলক শীঘ্ৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি নটিফিকেচন জাৰি কৰা হ’ব বুলি কৈছিল যদিও আজিও পবা বনাঞ্চলে বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি লাভ নকৰিলে ৷ যাৰফলত এতিয়া পবা বনাঞ্চলখন নিতৌ বেদখলৰ কবলত পৰিছে ৷ বনাঞ্চলৰ ভূমি বেদখল কৰি একাংশ লোকে গাঁও স্থাপনেৰে ঘৰ দুৱাৰ সজাৰ লগতে খেতি বাতি কৰি বনাঞ্চলখনৰ অস্তিত্বলৈ সংকট নমাই আনিছে ৷”

Leave a Reply

Your email address will not be published. Required fields are marked *