দেশৰ নতুন প্ৰতিৰক্ষা মুৰব্বী হ’ব লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি (অৱসৰপ্ৰাপ্ত) ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে চৰকাৰে লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি (অৱসৰপ্ৰাপ্ত)ক পৰৱৰ্তী প্ৰতিৰক্ষা মুৰব্বী হিচাপে নিযুক্তি দিছে ৷ তেওঁ ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও কাম কৰিব । আনুষ্ঠানিক বিবৃতি অনুসৰি বৰ্তমানৰ প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানে ৩০ মে’ত কাৰ্যকাল সম্পূৰ্ণ কৰিব ।লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণিয়ে ২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ত সামৰিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । Share this:FacebookX Related Post navigation কিয় বন্য প্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা নাই ? জুলিয়ান মেথাৰেল এমচিচি-ৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব