জুবিনৰ কায়িক অনুপস্থিতিৰ এবছৰ, সামাজিক মাধ্যমত শোক প্ৰকাশ নেটিজেনৰ ৷ পিছে বুকুত এসাগৰ বেদনা লৈয়ে মনোৰঞ্জন জগতৰ তাৰকাসকল সাহস হৈ থিয় দিছে অসমীয়াৰ বাবে ৷নদ-নদী, হাবি-বননি, জীৱ-জন্তু, চৰাই-চিৰিকতি, প্ৰকৃতিসৃষ্ট যেনিয়েই অসমীয়াৰ চকু যায়, তাতেই সকলোৱে জুবিনক বিচাৰি পায় ৷মানুহজন আঁতৰি গ’ল যদিও সকলোৱে তেওঁৰ উপস্থিতি অনুভৱ কৰে ৷ অসমৰ আকাশে-বতাহে এটা নাম চিৰবিদ্যমান-জুবিন গাৰ্গ ৷আজিও অনুৰাগীয়ে ফেচবুক, ইনষ্টাগ্ৰামত লিখে, “ঘূৰি আহক না জুবিন দা ৷” জুবিন গাৰ্গৰ এবছৰীয়া অনুপস্থিতিত তেওঁৰ অতিকে ভাল বন্ধু তথা অসমীয়া ছবি জগতৰ আগশাৰীৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ক’লে এটি গুৰুত্বপূৰ্ণ কথা ৷ তেওঁ সামাজিক মাধ্যমত জুবিন সৈতে তেওঁৰ দুখন ফটো শ্বেয়াৰ কৰিছে ৷ শিৰোনামত লিখিছে, “তোমাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি কেৱল চকুলো হ’ব নোৱাৰে । তোমালৈ মোৰ শ্ৰদ্ধাঞ্জলি অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ মোৰ অৱদান হ’ব । মোৰ জীৱন অন্ত হোৱা পৰ্যন্ত আৰু তাৰ পাছতো আমি তোমাৰ জীৱন উদযাপন কৰি যাম । তুমি য’তেই আছা সুখত থাকা বন্ধু ।”জুবিনৰ অতিকে মৰমৰ জুবলী বৰুৱা, যিয়ে জুবিনক গ’ল্ডী দা বুলি সম্বোধন কৰে, তেওঁ এবাৰ ওচৰৰ পৰা জুবিনক চাব বিচাৰিছে ৷ জুবলীয়ে সামাজিক মাধ্যমত নিজৰ দুখ প্ৰকাশ কৰিছে লগতে মৃত্যুৰ পাছত জুবিন গাৰ্গ কিদৰে ঐশ্বৰিক শক্তিলৈ ৰূপান্তৰিত হৈ পৰিল, সেই কথাও লিখিছে ৷ “গ’ল্ডী দা, তোক আকৌ এবাৰ ওচৰৰ পৰা এনেকৈ চাবলৈ পোৱাহেঁতেন ? যোৱাটো বছৰৰ আজিৰ দিনটোতেই, তই অসমৰ আটাইতকৈ শ্ৰেষ্ঠ, শক্তিশালী, সীমাহীনভাবে বিশাল আৰু ঐশ্বৰিক ৰূপত ৰূপান্তৰ হৈ, প্ৰতিজন অসমীয়াৰে লগতে বিশ্বৰ চুকে কোণে সকলোৰে শিৰে শিৰে শিপাই গ’লি | এই বিশালতা যে প্ৰকৃতি আৰু পৃথিৱী থকালৈকে বিৰাজমান হৈ থাকিব, সেই সন্তুষ্টি লৈয়ে জীয়াই যাম শেষলৈ”, জুবলীৰ প’ষ্টটোত এইদৰে উল্লেখ আছে ৷ Share this:FacebookX Related Post navigation ১৯ ছেপ্টেম্বৰত আমাৰ মাজৰ পৰা চিৰবিদায় মাগিছিল সংগীতৰ মহানায়কে জুবিন বন্দনাত মুখৰিত জুবিন ক্ষেত্ৰ