জুবিন বন্দনাত মুখৰিত জুবিন ক্ষেত্ৰ । গীত-নৃত্য, চিত্ৰশিল্পৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীলৈ মৰম । শিপিনীয়ে একেৰাতিতে বৈ আনিলে জুবিন গাৰ্গৰ গীত ।আকাশ-বতাহ মুখৰিত হৈ পৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী সৃষ্টিৰাজি আৰু জুবিন বন্দনাৰে ।অনুৰাগীসকলে চকুৰ পানীৰে প্রিয় শিল্পীগৰাকীৰ শেষ শয়ন স্থানত অৰ্পণ কৰে শ্ৰদ্ধাঞ্জলি । অসমীয়া বোৱা-কটা শিল্পৰে শিৱসাগৰ নামতি দিকচু মাউট গাঁৱৰ জীয়ৰী বিউটি গগৈয়ে জুবিন অনুৰাগৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে । প্ৰাণৰ শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পিছৰে পৰা নিজৰ অকৃত্ৰিম প্ৰেম আৰু শ্ৰদ্ধাৰ নিদৰ্শন স্বৰূপে তেওঁ তাঁতশালত বোৱাই উলিয়াইছে জুবিন গাৰ্গৰ কালজয়ী গীত ‘মই নথকাৰ অনুভৱ’ৰ কলি সম্বলিত এক বিশেষ গামোচা ।বিউটি গগৈয়ে নিজ হাতে তৈয়াৰ কৰা এই গামোচাখন জুবিনক্ষেত্ৰত আগবঢ়ায় । সামাজিক মাধ্যমত তেওঁৰ এই অনন্য হস্তকলা প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে এনেধৰণৰ গামোচা বিচাৰি তেওঁৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে । জুবিন গাৰ্গৰ প্ৰতি থকা অকৃত্রিম ভালপোৱাই বিউটি গগৈক আৰ্থিক স্বাৱলম্বনৰ এক নতুন পথ দেখুৱাইছে ।এই সন্দৰ্ভত বিউটি গগৈয়ে কয়,”জুবিনদাৰ কাৰণে ‘মই নথকাৰ অনুভৱ’ গীতটি বৈ উলিয়াইছো । একেদিনাই একেৰাতিৰ ভিতৰতে বৈ উলিয়াইছিলোঁ । গৰিমা বৌক এইখন দিবলৈ আনিছোঁ । জুবিনদাৰ সমাধিত থ’বৰ বাবে কেইটামান গীতৰ কলি বৈ আনিছো ।” Share this:FacebookX Related Post navigation জুবিনৰ কায়িক অনুপস্থিতিৰ এটা মছজিদৰ ওচৰত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণ