ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ই অ’ এছ-০৫ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক ডাঙৰ মাইলৰ খুঁটি স্থাপন কৰে ৷সতীশ ধৱন মহাকাশ কেন্দ্ৰ SHAR ৰ দ্বিতীয়টো লঞ্চ পেডৰ পৰা এই উৎক্ষেপণ কৰা হয় । ভাৰতৰ জিঅ’চিংক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল (জিএছএলভি)ৰ ১৯ সংখ্যক উৰণ জিএছএলভি-এফ১৭ ৰকেটে ইঅ’এছ-০৫ ক লৈ উপ-জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথ (ছাব-জিটিঅ’)ৰ দিশে যাত্ৰা কৰে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দেশৰ প্ৰথমটো ইমেজিং উপগ্ৰহ কক্ষপথত সফল উৎক্ষেপণৰ প্ৰশংসা কৰি কয় যে এয়া দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । শুকুৰবাৰে পুৱা জি এছ এল ভি ৰকেটত ২৩০০ কিলোগ্ৰামতকৈ অধিক ওজনৰ পেলোডটোক নিখুঁতভাৱে কক্ষপথত স্থাপন কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সফলতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *