”মই আচৰিত হৈছো। মই এছ এফ আই কেনেকৈ হৈ গ’লো !মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহো বুলি কৈছে, ৫০ হাজাৰ মানুহৰ চাকৰি খাইছো বুলি কৈছে। এচাম মানুহে ইমান উঠি- পৰি লাগিছে মোক বদনাম কৰিবলৈ। মই তেনেই সাধাৰণ ল’ৰা, ছবি আঁকি ভালপাওঁ” – এই মন্তব্য চিত্ৰশিল্পী মাৰ্শ্বাল বৰুৱাৰ।উল্লেখযোগ্য যে, গণেশগুৰিৰ উৰণ সেতুৰ জুবিন গাৰ্গৰ ছবি মচা ঘটনাক লৈ শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে কৰা বক্তব্যৰ পাছতে সামাজিক মাধ্যমযোগে চিত্ৰশিল্পী বৰুৱাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয়- কিছু ঘণ্টা পূৰ্বে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট পালো গণেশগুৰিৰ ফ্লাই অভাৰৰ ছবিখনক লৈ। তেওঁ চাগৈ ভুল বুজি আছে, সেয়ে মই কিছুমান কথা ক’ব খুজিছো। ছবিখন জুবিনদাৰ দৰে হৈছেনে নাই আৰু মই এছ এফ আই নেকি – এনেকুধৰণৰ কিছুমান কথা ওলাইছে। সেইবোৰ একেবাৰে নহয়। মই আচৰিত হৈ গৈছো যে মই এছ এফ আই কেনেকৈ হৈ গ’লো ! Share this:FacebookX Related Post navigation সুৰা প্ৰস্তুত কৰা কোম্পানীলৈ জাননী…