ভাৰতীয় জেভলিন থ্ৰ’ৰ তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই এক বছৰতকৈও অধিক সময়ৰ ভিতৰত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে, কিন্তু শুকুৰবাৰে ইয়াত অনুষ্ঠিত লুছানে ডায়মণ্ড লীগত শ্ৰীলংকাৰ উদীয়মান তাৰকা ৰমেশ পথিৰাগেই মাত্ৰ ৯ চেণ্টিমিটাৰৰ ব্যৱধানত তেওঁক স্বৰ্ণ পদকৰ পৰা বঞ্চিত কৰে। চোপ্ৰাই দ্বিতীয় প্ৰচেষ্টাত ৮৮.০৫ মিটাৰ দলিয়াইছিল, যিটো আছিল তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ ফলত ২৮ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে ৯ জন প্ৰতিযোগীৰ ভিতৰত দ্বিতীয় স্থান দখল কৰে। এইটো আছিল এই ছিজনত তেওঁৰ শ্ৰেষ্ঠ থ্ৰ’। প্ৰকৃততে, যোৱা বছৰৰ জুন মাহৰ পিছত এইটোৱেই আছিল চোপ্ৰাৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। সেই সময়ত তেওঁ পেৰিছ ডায়মণ্ড লীগ জয় কৰাৰ দিশত ৮৮.১৬ মিটাৰ দলিয়াইছিল। কিন্তু ২৩ বছৰীয়া পথিৰাগেই এই ছিজনত নিজৰ আধিপত্য বজাই ৰাখি তৃতীয় প্ৰচেষ্টাত ৮৮.১৪ মিটাৰ দলিয়াই চোপ্ৰাক পিছ পেলায়। অৱশ্যে, দ্বিতীয় স্থান দখল কৰি চোপ্ৰাই ডায়মণ্ড লীগ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰাৰ সম্ভাৱনা অধিক মজবুত কৰে। বছৰটোৰ শেষৰ ফালে হ’বলগীয়া ডায়মণ্ড লীগ ফাইনেলৰ ৰেংকিংত তেওঁ সপ্তম স্থানৰ পৰা আগুৱাই শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত প্ৰৱেশ কৰিছে। গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে তেওঁৰ ষষ্ঠ তথা অন্তিম প্ৰচেষ্টাত ৮৬.৬৯ মিটাৰ দূৰত্ব অতিক্রম কৰি তৃতীয় স্থান দখল কৰে।আনহাতে, ট্ৰিনিদাদ আৰু ট’বাগ’ৰ বৰ্তমানৰ বিশ্ব চেম্পিয়ন কেশৰ্ন ৱালকাটে ৮৩.৭১ মিটাৰৰ শ্ৰেষ্ঠ থ্ৰ’ৰে চতুৰ্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী আমেৰিকাৰ কাৰ্টিছ থম্পছনে ৭৮.১৩ মিটাৰেৰে ষষ্ঠ স্থান লাভ কৰাৰ বিপৰীতে টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চেক গণৰাজ্যৰ জেকব ভাদলেজে ৭৭.৩২ মিটাৰেৰে সপ্তম স্থান অৰ্জন কৰে।চোপ্ৰাই পাছত কয় যে শীৰ্ষ স্থানৰ বাবে তেওঁ আৰু পথিৰাগেৰ মাজত তীক্ষ্ণ প্ৰতিদ্বন্দ্বিতা হৈছিল। তেওঁ কয়-মই অনুভৱেই কৰিব পৰা নাছিলোঁ যে এইয়া কেৱল ৯ চেণ্টিমিটাৰৰ ব্যৱধান আছিল। এইয়া অতি কম ব্যৱধান আছিল, কিন্তু মই ৮৮ মিটাৰৰ থ্ৰ’টোক লৈ সন্তুষ্ট। সঁচা কথা ক’বলৈ গ’লে, মোৰ এনে লগা নাছিল যে মোৰ থ্ৰ’টো ৮৮ মিটাৰলৈ গৈছে। মই অতি সহজ অনুভৱ কৰি আছিলোঁ। মই যথেষ্ট কষ্ট কৰিছিলোঁ আৰু পাছত নিজৰ কৌশলৰ ওপৰত ধ্যান কেন্দ্ৰীভূত কৰিছিলোঁ। চোপ্ৰাই লগতে কয়-প্ৰতিটো প্ৰতিযোগিতাৰ পাছত মোৰ অনুভৱ হয় যে মই মোৰ প্ৰদৰ্শনত ক্ৰমান্বয়ে উন্নতি সাধন কৰি আছোঁ। ৪ আৰু ৫ ছেপ্টেম্বৰত ব্ৰুছেলছত অনুষ্ঠিত হ’বলগীয়া ডায়মণ্ড লীগ ফাইনেলত চোপ্ৰাই স্থান লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। এই প্ৰতিযোগিতাত ৰেংকিংত প্ৰথম ছয়টা স্থানত থকা খেলুৱৈসকলে অংশগ্ৰহণ কৰিব। পথিৰাগে আৰু পিটাৰ্ছে ইতিমধ্যে ইয়াৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইফালে, ২৭ আগষ্টত আন এখন ডায়মণ্ড লীগ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। Share this:FacebookX Related Post navigation অৰ্জুন বঁটা ২০২৫ ৰ বাবে নিৰ্বাচিত হ’ল মিজোৰামৰ লালৰেমছিয়ামি