আধুনিক ফুটবলৰ অন্যতম মহানায়ক লিয়নেল মেছীৰ নেতৃত্বত আৰ্জেন্টিনা ৰাষ্ট্ৰীয় ফুটবল দলে ফুটবল ইতিহাসত নতুন অধ্যায় ৰচনা কৰিছে। বছৰ বছৰ ধৰি সপোন খেদি অৱশেষত ক’পা আমেৰিকাৰ পৰা ফিফা বিশ্বকাপলৈ মেছীৰ অধিনায়কত্বত আৰ্জেন্টিনা দল বিশ্ব ফুটবলৰ শিখৰত উপনীত হয়। এই সোণালী যাত্ৰাত মেছী আৰু আৰ্জেন্টিনাৰ ৪টা আটাইতকৈ ডাঙৰ তথা ঐতিহাসিক জয়ৰ ভিতৰত আছে-ক’পা আমেৰিকা ২০২১ (ফাইনেল: আৰ্জেন্টিনা ১-০ ব্ৰাজিল): সুদীর্ঘ ২৮ বছৰৰ অপেক্ষাৰ অন্ত পেলাই আৰ্জেন্টিনাই ক’পা আমেৰিকাৰ খিতাপ দখল কৰে। ৰিঅ’ ডি জেনেইৰ’ৰ ঐতিহাসিক মাৰাকানা ষ্টেডিয়ামত চিৰপ্ৰতিদ্বন্দ্বী ব্ৰাজিলক ১-০ গ’লত পৰাস্ত কৰি মেচীয়ে আৰ্জেন্টিনাৰ জ্যেষ্ঠ দলৰ হৈ প্ৰথমটো ডাঙৰ ট্ৰফী জয় কৰে। এই জয়েই আছিল তেওঁলোকৰ সোণালী যাত্ৰাৰ আৰম্ভণি। ইয়াৰ পিছত ফিফা-ইউৱেফা ফাইনেলচিমা ২০২২ (আৰ্জেন্টিনা ৩-০ ইটালী): ইউৰোপীয় চেম্পিয়ন ইটালী আৰু লেটিন আমেৰিকাৰ চেম্পিয়ন আৰ্জেন্টিনাৰ মাজত লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত অনুষ্ঠিত ‘ফাইনেলচিমা’ত মেছীৰ দলে একপক্ষীয়ভাৱে ৩-০ গ’লত জয়লাভ কৰে। মেচীৰ চমকপ্ৰদ প্ৰদৰ্শন আৰু নেতৃত্বই দলটোক বিশ্ব চেম্পিয়ন হোৱাৰ দিশে আৰু এখোজ আগবঢ়াই নিয়ে। আনহাতে, ফিফা বিশ্বকাপ ২০২২ (ফাইনেল: আৰ্জেন্টিনা ৪ – ২ ফ্ৰান্স, পেনাল্টীত): ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ফাইনেল মেচত আৰ্জেন্টিনাই পূৰ্বৰ চেম্পিয়ন ফ্ৰান্সক টাইব্ৰেকাৰত পৰাস্ত কৰি ৩৬ বছৰৰ পাছত বিশ্বকাপ জয় কৰে। কাটাৰ. ফিফা বিশ্বকাপ ২০২২ (ফাইনেল: আৰ্জেন্টিনা ৪-২ ফ্ৰান্স, পেনাল্টীত): ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ফাইনেল মেচত আৰ্জেন্টিনাই পূৰ্বৰ চেম্পিয়ন ফ্ৰান্সক টাইব্ৰেকাৰত পৰাস্ত কৰি ৩৬ বছৰৰ পাছত বিশ্বকাপ জয় কৰে। কাটাৰত অনুষ্ঠিত এই ঐতিহাসিক মেচখনত মেছীয়ে দুটা গ’ল কৰাৰ লগতে গোল্ডেন বলৰ সন্মান লাভ কৰে। এই জয়ে মেছীৰ কেৰিয়াক সম্পূৰ্ণতা প্ৰদান কৰে। একেদৰে, ক’পা আমেৰিকা ২০২৪ (ফাইনেল: আৰ্জেন্টিনা ১-০ কলম্বিয়া): যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ক’পা আমেৰিকা ২০২৪ৰ ফাইনেলত শক্তিশালী কলম্বিয়াক অতিৰিক্ত সময়ত ১-০ গ’লত পৰাস্ত কৰি আৰ্জেন্টিনাই একেৰাহে দ্বিতীয়বাৰৰ বাবে ক’পা আমেৰিকা খিতাপ অৰ্জন কৰে। এই জয়েৰে মেছী আৰু আৰ্জেন্টিনাই বিশ্ব ফুটবলত নিজৰ আধিপত্য পুনৰ প্ৰমাণ কৰে।লিয়নেল মেছীৰ এই অভূতপূৰ্ব সফলতাই কেৱল আৰ্জেন্টিনাকে নহয়, বিশ্বজুৰি থকা কোটি কোটি ফুটবল প্ৰেমীক আনন্দিত আৰু অনুপ্রাণিত কৰি ৰাখিব। Share this:FacebookX Related Post navigation স্পেইনক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে বিশ্ব চেম্পিয়ন জাৰ্মানী ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন