সামাজিক মাধ্যমত পৰিচয়, তাৰ পিছত বিয়া। কিন্তু সংসাৰ আৰম্ভ হোৱাৰ কিছুদিনৰ ভিতৰতে ওলাই পৰিল এক চাঞ্চল্যকৰ প্ৰৱঞ্চনাৰ কাহিনী। নিজকে আইএএছ বিষয়া বুলি পৰিচয় দি এজন যুৱকক বিয়া কৰোৱা এগৰাকী মহিলাক এইবাৰ গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। বিয়াৰ পিছতে স্বামীৰ ওচৰত ৪০ লাখ টকা দাবী কৰাৰ লগতে মিছা গোচৰত ফচোৱাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে মহিলাগৰাকীৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ ফৰিদপুৰ অঞ্চলত। আৰক্ষীৰ তথ্য অনুসৰি, অভিষেক নামৰ এজন যুৱকে দাখিল কৰা অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰাৰ পিছত সাধনা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অভিযোগ অনুসৰি, ফেচবুকৰ জৰিয়তে দুয়োৰে পৰিচয় হৈছিল। বিয়াৰ পূৰ্বে সাধনাই নিজকে এগৰাকী আইএএছ বিষয়া বুলি পৰিচয় দিয়াৰ লগতে তেওঁৰ এটা গোচৰ আদালতত বিচাৰাধীন হৈ থকা বুলিও দাবী কৰিছিল। সেই পৰিচয়কেই বিশ্বাস কৰি প্ৰায় এমাহ পূৰ্বে মহিলাগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় অভিষেক। কিন্তু বিয়াৰ পিছতেই মহিলাগৰাকীয়ে ৪০ লাখ টকা বিচাৰি অভিষেক আৰু পৰিয়ালক হেঁচা দিবলৈ আৰম্ভ কৰে। ধন নিদিলে মিছা গোচৰত ফচাই পৰিয়ালটোক ধ্বংস কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱকজনে। আনকি এবাৰ হত্যাৰ অপচেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে সাধনা নামৰ প্ৰৱঞ্চক মহিলাগৰাকীৰ বিৰুদ্ধে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। তদন্তত সাধনাৰ আইএএছ বিষয়া হোৱাৰ দাবী সম্পূৰ্ণ ভুৱা বুলি পোহৰলৈ আহে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, তেওঁ কোনো চৰকাৰী চাকৰিত নিয়োজিত নহয়। পৰ্যাপ্ত প্ৰমাণ সংগ্ৰহ কৰাৰ পিছত বদাউন জিলাৰ বিলিছ আৰক্ষী থানাৰ অন্তৰ্গত সতেতী গাঁৱৰ বাসিন্দা সাধনাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পিছত তেওঁক আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বৰেলীৰ গ্ৰাম্য আৰক্ষী অধীক্ষক অংশিকা বর্মাই কয় যে, অভিষেকৰ অভিযোগৰ ভিত্তিত ফৰিদপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। তদন্তত মহিলাগৰাকীয়ে নিজকে আইএএছ বিষয়া বুলি দিয়া পৰিচয় সম্পূৰ্ণ মিছা বুলি নিশ্চিত হোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ঘটনাটোৰ তদন্ত অব্যাহত আছে। Share this:FacebookX Related Post navigation খোজকৈ যাত্ৰী সমাজ সংস্কাৰক অজয় অ’লিয়ে শিশু শ্ৰম আৰু ভিক্ষাবৃত্তিৰ বিৰুদ্ধে অভিযান চলাবলৈ গুৱাহাটীত উপস্থিত