আগন্তুক এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিলে অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁইয়ে। ভাৰতীয় তাৰকা বক্সাৰগৰাকীয়ে শুকুৰবাৰে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে অনুৰাগীসকলক এই সুখবৰ প্ৰদান কৰে। বক্সিং ফেডাৰেচন আৰু স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ মাজত চলি থকা দীৰ্ঘদিনীয়া বিতৰ্কৰ অৱসান ঘটাই এই সফলতা লাভ কৰাত অত্যন্ত আনন্দিত বুলি ব্যক্ত কৰে অলিম্পিয়ানগৰাকীয়ে।

সামাজিক মাধ্যমযোগে বক্সাৰগৰাকীয়ে কয়, “মই আজি এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ ট্ৰায়েলত নিৰ্বাচিত হ’লোঁ। ফেডাৰেচন আৰু স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াৰ মাজত চিলেকচনক লৈ বহুত বিতৰ্ক চলি আছিল যদিও অৱশেষত সকলো প্ৰক্ৰিয়া সম্পন্ন হ’ল। কমনৱেলথ, এছিয়ান আৰু অলিম্পিক গেমছৰ দৰে ডাঙৰ প্ৰতিযোগিতাত যোগ্যতা অৰ্জন কৰাটো প্ৰতিগৰাকী খেলুৱৈৰ বাবেই এক ডাঙৰ সাফল্য।”

আগন্তুক জুলাই মাহত কমনৱেলথ গেমছ আৰু ছেপ্টেম্বৰত এছিয়ান গেমছত অংশগ্ৰহণ কৰিবলৈ তেওঁ সম্পূৰ্ণ সাজু বুলি জানিবলৈ দিয়ে। এছিয়ান চেম্পিয়নশ্বিপৰ পাছৰে পৰা কেৱল এই ট্ৰায়েলৰ ওপৰতে চকু আছিল বুলি উল্লেখ কৰে লাভলীনাই। মূল খেলসমূহত দেশৰ হৈ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ তেওঁ অসমবাসীৰ লগতে সকলোৰে আশীৰ্বাদ কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *