মাদক সৰবৰাহৰ বিৰুদ্ধে অব্যাহত অভিযানৰ মাজতে এইবাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া অঞ্চলত চলোৱা এক অভিযানত ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪ লাখ ৬ হাজাৰ টকা নগদ ধন আৰু দুখন বাহন জব্দ কৰাৰ লগতে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

টিংখং আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত এই অভিযান চলোৱা হয়। জব্দ কৰা হেৰ’ইনখিনি মাদক সৰবৰাহৰ উদ্দেশ্যে মজুত কৰি ৰখা হৈছিল বুলি আৰক্ষীৰ সন্দেহ।

ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সত তথ্য সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে কয়, “অসমৰ মাদকবিৰোধী অভিযান অব্যাহত থাকিব। ৰাজ্যজুৰি সক্ৰিয় মাদক সৰবৰাহ চক্ৰ উৎখাত কৰিবলৈ আৰক্ষীয়ে অধিক তৎপৰতাৰে অভিযান চলাই যাব।”

ইফালে, জব্দ কৰা হেৰ’ইন, নগদ ধন আৰু বাহন আৰক্ষীৰ জিম্মাত ৰখা হৈছে। ঘটনাটো সন্দৰ্ভত মাদকদ্ৰব্য আৰু মনঃপ্ৰভাৱী পদাৰ্থ আইন অনুসৰি গোচৰ ৰুজু কৰা হৈছে। মাদক সৰবৰাহ চক্ৰটোৰ সৈতে জড়িত আন ব্যক্তিসকলৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *