জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা। বুধবাৰে কুলগাম জিলাৰ আখৰান অঞ্চলত চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ’ৰ্চ (CRPF)ৰ এটা নিৰাপত্তা চকী লক্ষ্য কৰি গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে।

প্ৰাপ্ত তথ্য অনুসৰি, এই আক্ৰমণত তিনিগৰাকী CRPF জোৱান আহত হৈছে। আক্ৰমণৰ পিছতে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হয়। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, কুলগামৰ আখৰান অঞ্চলত সংঘটিত এই আক্ৰমণৰ ঘটনাই পুনৰ এবাৰ জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিক লৈ উদ্বেগৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *