গড্ৰেছ এণ্টাৰপ্ৰাইজ গ্ৰুপ(জিইজি)-এ কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চিআইআই)ৰ সৈতে অংশীদাৰিত্বৰে উদ্যোগ-নেতৃত্বাধীন যোগানকাৰীৰ সামৰ্থ্য বিকাশকেন্দ্ৰিক পদক্ষেপ ‘উড়ান’ মুকলি কৰিছে, যাৰ লক্ষ্য হৈছে এমএছএমইৰ বিকাশৰ জৰিয়তে দেশৰ উৎপাদন পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰা।আলীগড় চহৰ হৈছে এই কাৰ্যসূচীৰ বাবে প্ৰথমটো স্থান, যাক এক বিস্তৃত যোগানকাৰী ক্ষমতা বিকাশ কাৰ্যসূচীৰ অংশ হিচাপে পিছলৈ ১০খন চহৰলৈ সম্প্ৰসাৰণ কৰা হ’ব। ‘উড়ান’ৰ অধীনত জিইজি আৰু চিআইআই টিপিএম ক্লাব অৱ ইণ্ডিয়াই এমএছএমইসমূহৰ বাবে এক টিপিএম(টোটেল প্ৰডাক্টিভ মেইনটেইনেঞ্চ) পাঠ্যক্ৰম প্ৰস্তুত কৰিছে, য’ত বিশেষজ্ঞ পৰামৰ্শদাতাসকলে অংশগ্ৰহণকাৰী যোগানকাৰীসকলক ক্ষেত্ৰভিত্তিক ৰূপায়ণ, উৎপাদনশীলতা বৃদ্ধি আৰু কাৰ্যক্ষম উৎকৃষ্টতা অৰ্জনত সহায় কৰিব।এই ক্লাষ্টাৰ-ভিত্তিক কাৰ্যসূচীয়ে কাৰ্যক্ষম লোকচান হ্ৰাস কৰা, সম্পদৰ উৎপাদনশীলতা বৃদ্ধি কৰা আৰু নিৰন্তৰ উন্নতিৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰিব। পিছত অগ্ৰগতিৰ বুজ ল’বলৈ ত্ৰৈমাসিকভাৱে পৰ্যালোচনা কৰা হ’ব, য’ত চিআইআইৰ প্ৰতিনিধি আৰু উদ্যোগ বিশেষজ্ঞসকলৰ দ্বাৰা মূল্যায়ন আৰু কাৰখানা পৰিদৰ্শন কৰা হ’ব। সফল অংশগ্ৰহণকাৰীসকলে জিইজি আৰু চিআইআইৰ পৰা স্বীকৃতি লাভ কৰিব।জিইজি-এ প্ৰকাশ কৰা অনুসৰি, হাৰ্ডৱেৰ উদ্যোগৰ ভিতৰত এইটোৱে প্ৰথম প্ৰতিষ্ঠান আৰু নিৰ্বাচিত কেইটামান ভাৰতীয় সংগঠনৰ ভিতৰত অন্যতম, যিয়ে নিজৰ যোগানকাৰী পৰিস্থিতিতন্ত্ৰলৈ এক গাঁথনিগত টিপিএম উৎকৃষ্টতা কাৰ্যসূচী সম্প্ৰসাৰিত কৰিছে।গুৱাহাটী মহানগৰীত এই পদক্ষেপে এমএছএমই আৰু যোগানকাৰী নেটৱৰ্কসমূহৰ বাবে এক প্ৰাসংগিক আৰ্হি প্ৰদান কৰিব পাৰে, যিসকলে গাঁথনিগত সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ জৰিয়তে উৎপাদনশীলতা, গুণগত মানদণ্ড আৰু উৎপাদনৰ প্ৰতিযোগিতামূলক সামৰ্থ্য বৃদ্ধি কৰিব বিচাৰে।আনহাতে, অংশগ্ৰহণকাৰী যোগানকাৰীসকল যোৱা ৬ বছৰ ধৰি জিইজিৰ সৈতে জড়িত হৈ আছে আৰু এইসকল লোকে ইতিমধ্যে পাৰ্টনাৰশ্বিপ কম্পিটিটিভনেচ প্ৰগ্ৰেম, জেডইডি চাৰ্টিফিকেচন সম্পূৰ্ণ কৰিছে আৰু লীন মেনুফেকচাৰিং চাৰ্টিফিকেচন আৰম্ভ কৰিছে। শেহতীয়াকৈ এমএছএমই বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে লঘু উদ্যোগ ভাৰতী, আলীগড়ে জিইজিক স্বীকৃতি প্ৰদান কৰিছে। Share this:FacebookX Related Post navigation ফেষ্টিভ ছিজনৰ পূৰ্বে টিভিএছ মটৰ কোম্পানীয়ে উন্নীত কৰিছে আপাচি আৰু ৰনিন ছিৰিজ