নিজৰ দেহৰ কাপোৰ ফালি চলন্ত ৰে’লৰ ভিতৰত টিটিইক ফঁচাবলৈ আপ্ৰাণ চেষ্টা চলালে এগৰাকী মহিলা যাত্ৰীয়ে।কিন্তু সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে পোহৰলৈ আহে মহিলাগৰাকীৰ এই চৰম অভিসন্ধি। শেহতীয়াকৈ ভাৰতীয় ৰে’লৰ এক ডবাত টিকট পৰীক্ষাৰ সময়তে সংঘটিত হয় এই অনাকাংক্ষিত আৰু লজ্জাজনক কাণ্ড। সামাজিক মাধ্যমত বনজুইৰ দৰে বিয়পি পৰা দৃশ্য অনুসৰি, নিয়মীয়া তদাৰকীৰ সময়ত যেতিয়া কৰ্তব্যৰত টিকট পৰীক্ষকে (টিটিই) মহিলাগৰাকীক টিকট বিচাৰে, তেতিয়া তেওঁ কোনো বৈধ নথিপত্ৰ দেখুওৱাত ব্যৰ্থ হয়। যাৰ বাবে টিটিইয়ে নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণৰ কথা কওঁতেই ক্ষোভত ফাটি পৰে মহিলাগৰাকী আৰু ৰে’ল কৰ্মীজনৰ সৈতে তুমুল তৰ্ক-বিতৰ্কত লিপ্ত হয়। কিন্তু বিবাদ চলি থকাৰ মাজতে নিজৰ ভুল ঢাকিবলৈ আৰু আইনী ব্যৱস্থাৰ পৰা হাত সাৰিবলৈ মহিলাগৰাকীয়ে অতৰ্কিতে সকলোৰে সন্মুখতে নিজৰেই সাজ-পোছাক ফালিবলৈ আৰম্ভ কৰে। কেৱল কাপোৰ ফালিয়েই ক্ষান্ত নাথাকি তেওঁ চিঞৰি চিঞৰি টিটিইজনে তেওঁক বলপূৰ্বকভাৱে অপদস্থ কৰা বুলি মিছা অভিযোগ তুলি সহযাত্ৰীসকলৰ সহানুভূতি আদায়ৰ চেষ্টা চলায়। ভিডিঅ’টোত মহিলাগৰাকীয়ে নিজকে ৰাধিকা তিৱাৰী বুলি চিনাকি দিয়াৰ উপৰিও নিজৰ ভাতৃও ৰে’ল বিভাগৰে এজন টিটিই বুলি দম্ভালি মৰা দেখা গৈছে। অৱশ্যে এই অপ্ৰত্যাশিত দৃশ্যটো কোনখন নিৰ্দিষ্ট এক্সপ্ৰেছ ৰে’লত আৰু কোন স্থানত সংঘটিত হৈছিল, সেই বিষয়ে ৰে’ল প্ৰশাসনৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক তথ্য এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। কৰ্তব্যৰত চৰকাৰী কৰ্মচাৰীক এনেদৰে ভুৱা অভিযোগত সাঙোৰাৰ এই অপচেষ্টাক লৈ এতিয়া সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। Share this:FacebookX Related Post navigation ভুৱা চৰকাৰী জাননীৰে কোটি টকাৰ প্ৰৱঞ্চনা চক্ৰ! গুৰুগ্ৰামৰ যুৱৰাজ হত্যাকাণ্ডৰ আঁৰত পোহৰলৈ চাঞ্চল্যকৰ তথ্য এতিয়াৰে পৰা বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত প্ৰদান কৰা হ’ব চিকেন বিৰিয়ানী, চৰকাৰৰ ডাঙৰ সিদ্ধান্ত