পত্নীক বিক্ৰী কৰা বা যিয়েই কৰা, এই ধন ঘূৰাই দিয়া। – এনে এক নিৰ্দয় আৰু ভাবুকিপূৰ্ণ হোৱাটছএপ বাৰ্তা পোহৰলৈ অহাৰ লগে লগেই গুৰুগ্ৰামৰ চৰ্চিত যুৱৰাজ সিং মনছান্দা হত্যাকাণ্ডৰ আঁৰত উন্মোচিত হ’ল এক ভয়ংকৰ আন্তঃৰাজ্যিক প্ৰৱঞ্চনা চক্ৰ।

উল্লেখ্য যে, যোৱা ৬ ছেপ্টেম্বৰত পূৰ্বৰ সহকৰ্মী অন্যা বৎস আৰু তেওঁৰ স্বামী সন্যম সচদেৱাৰ এক পৰিকল্পিত ষড়যন্ত্ৰৰ বলি হৈ অকালতে প্ৰাণ হেৰুৱাইছিল যুৱৰাজ সিং মনছান্দাই। ঘটনাৰ পিছতেই গুৰুগ্ৰাম আৰক্ষীয়ে দুই হত্যাকাৰী স্বামী-স্ত্ৰীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে। শেহতীয়াকৈ তদন্তত প্ৰকাশ পোৱা বহু বিস্ফোৰক তথ্যই এতিয়া ধীৰে ধীৰে স্পষ্ট কৰি তুলিছে যুৱৰাজৰ এই হত্যাকাণ্ডৰ আঁৰৰ গভীৰ ৰহস্য।

দিল্লী আৰক্ষীৰ ওচৰত শেহতীয়াকৈ পঞ্জীয়ন হোৱা এক সুকীয়া গোচৰৰ পৰা পোহৰলৈ অহা তথ্য অনুসৰি, এটা বিত্তীয় প্ৰতিষ্ঠানৰ জ্যেষ্ঠ উপাধ্যক্ষ তথা সন্যমৰ বিদ্যালয়ৰ এজন প্ৰাক্তন সহপাঠীক ভুৱা চৰকাৰী জাননী প্ৰেৰণ কৰি এই হত্যাকাৰী দম্পতীয়ে ১.২ কোটিৰো অধিক টকা লুণ্ঠন কৰিছিল। বলৱৎকাৰী সঞ্চালকালয় আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নামত ভুৱা জাননী প্ৰস্তুত কৰি ধন সৰবৰাহ, নিচাযুক্ত দ্ৰব্য আৰু সন্ত্ৰাসবাদ বিৰোধী আইনৰ ভুৱা গোচৰৰ ভয় দেখুৱাইছিল এই চক্ৰটোৱে।

উক্ত বিষয়াগৰাকীৰ পৰা ১.২ কোটি টকা হস্তগত কৰাৰ পিছতো পুনৰ ২৬ কোটি টকা দাবী কৰিছিল অন্যাই। চৰকাৰী সংস্থাক ধন আদায় দিয়া বুলি মিছা দাবী তুলি দেৱালীৰ পূৰ্বেই ধন পৰিশোধ নকৰিলে পত্নীক বিক্ৰী কৰি হ’লেও ধন আদায় দিয়াৰ বাবে নিৰ্দয় ভাবুকি প্ৰেৰণ কৰা হৈছিল। তদুপৰি নিজৰ বিচ্ছিন্ন পত্নীৰ পৰাও প্ৰায় ৪.৫ কোটি টকাৰ সম্পত্তি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে সন্যমৰ বিৰুদ্ধে।

স্মৰ্তব্য যে, মাত্ৰ এমাহ পিছতেই বিবাহৰ দিন ধাৰ্য হোৱা যুৱৰাজে যোৱা ৬ ছেপ্টেম্বৰত লাজপত নগৰত নিজৰ বিয়াৰ শেৰৱানী পছন্দ কৰাৰ পিছতেই ক্লায়েণ্ট বৈঠকৰ অজুহাতত অন্যা আৰু সন্যমক সাক্ষাৎ কৰিবলৈ গৈছিল। সন্ধিয়া প্ৰায় ৭:৩০ বজাত ভনীয়েক আৰু বাগদত্তাক ফোন কৰাৰ কথা কোৱাৰ পিছৰ পৰাই যুৱকজন ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে। পৰৱৰ্তী সময়ত ১০ ছেপ্টেম্বৰত গুৰুগ্ৰামৰ এটা নলাৰ পৰা উদ্ধাৰ হয় যুৱৰাজৰ মৃতদেহ।

পৰিকল্পিতভাৱে যুৱৰাজৰ বাহনখন এঠাইত ৰখাই নিজৰ বিলাসী বাহনত বহিবলৈ দিছিল দম্পতীহালে। গাড়ী চলি থকাৰ সময়তে পিছফালৰ আসনত বহি থকা অন্যাই অতৰ্কিতে যুৱৰাজৰ ডিঙিলৈ লক্ষ্য কৰি নিচেই কাষৰ পৰা গুলীয়াই হত্যা কৰে আৰু তাৰ পিছতেই নলাত পেলাই দিয়ে মৃতদেহটো। আনকি গেলি-পচি যোৱাৰ অজুহাত দেখুৱাই পৰিয়ালক অৱগত নকৰাকৈয়ে আৰক্ষীয়ে ১৪ ছেপ্টেম্বৰত যুৱকজনৰ সৎকাৰ সম্পন্ন কৰাৰ গুৰুতৰ অভিযোগ তুলিছে আত্মীয়ই।

তদন্তকাৰী আৰক্ষীৰ মতে, হত্যাকাৰী দম্পতীৰ এই বৃহৎ ভুৱা চৰকাৰী জাননী আৰু ব্লেকমেইলিঙৰ গোপন তথ্য যুৱৰাজে জানিব পাৰিছিল। সেই অপৰাধৰ তথ্য যাতে কেতিয়াও পোহৰলৈ নাহে, তাৰ বাবেই বিয়াৰ পূৰ্বে যুৱৰাজক মাতি নি পৰিকল্পিতভাৱে হত্যা কৰা হয়।

বৰ্তমান আদালতৰ নিৰ্দেশত অভিযুক্ত অন্যা বৎস আৰু সন্যম সচদেৱাক পাঁচ দিনৰ আৰক্ষী জিম্মাত ৰাখি জেৰা চলাই থকা হৈছে। অপৰাধত ব্যৱহৃত অবৈধ পিস্তল আৰু গাড়ীখন ইতিমধ্যে জব্দ কৰা হৈছে। আনহাতে অপৰাধ ঢাকিবলৈ কিবা ব্যৱস্থা লোৱা হৈছিল নেকি, সেয়া নিশ্চিত কৰিবলৈ অভিযুক্তৰ মোবাইল ফোন ফৰেনছিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *