দুৰ্যোগ অন্ত পৰাৰ পিছত অৱশেষত সমষ্টিবাসীৰ কাষলৈ উভতিল যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। বিদেশ ভ্ৰমণ সামৰি গুৱাহাটীত উপস্থিত হোৱা বিধায়কগৰাকীয়ে সাংবাদিকৰ মুখামুখি হৈয়েই যুক্তি দাঙি ধৰে- কিয় তেওঁ সেই সময়ত বিদেশলৈ গৈছিল। উল্লেখ্য যে, যোৰহাটকে ধৰি উজনি অসমত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানৰ সময়ত হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিধায়কজনৰ বিদেশ ভ্ৰমণক লৈ স্পষ্টীকৰণ দিবলগীয়া হৈছিল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। সোমবাৰে বিধানসভা চৌহদত সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত হিতেন্দ্ৰনাথ গোস্বামীয়ে কয় যে, বিদেশত অৱস্থান কৰিলেও তেওঁ সমগ্ৰ সময়ছোৱাত যোৰহাট জিলাৰ উপায়ুক্ত, দলীয় কৰ্মী আৰু স্থানীয় লোকৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰাখিছিল। বান সাহায্য আৰু উদ্ধাৰ কাৰ্যকলাপৰ খবৰ তেওঁ নিৰন্তৰ লৈ আছিল বুলিও দাবী কৰে। বিধায়কগৰাকীয়ে জনায় যে, কন্যাৰ পি এইচ ডি পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে বহু আগতেই পৰিয়ালসহ বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছিল। প্ৰয়োজনীয় অনুমতি লৈহে তেওঁ যাত্ৰা কৰিছিল আৰু বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই উভতি অহাৰ বিষয়েও সংশ্লিষ্ট সকলোকে অৱগত কৰিছিল। হিতেন্দ্ৰনাথ গোস্বামীয়ে কয়, “মই যোৱাৰ সময়ত যোৰহাটৰ পৰিস্থিতি স্বাভাৱিকেই আছিল। ইমান ভয়াবহ ৰূপ ল’ব বুলি কল্পনাও কৰা নাছিলোঁ। সোনকালেই পানী নামি যাব বুলি ভাবিছিলোঁ। কিন্তু হঠাতে পৰিস্থিতি সলনি হৈ যায়।” তেওঁ লগতে কয় যে, তৎক্ষণাত বিদেশ ভ্ৰমণ বাতিল কৰি উভতি অহাটো সম্ভৱ নাছিল। নতুনকৈ বিমানৰ টিকট সংগ্ৰহ কৰাটোও অত্যন্ত ব্যয়বহুল হ’লহেঁতেন। তথাপিও তেওঁ জিলা প্ৰশাসন আৰু দলীয় স্বেচ্ছাসেৱকৰ সৈতে নিয়মীয়াকৈ যোগাযোগ অব্যাহত ৰাখিছিল। গোস্বামীয়ে কয়, “মই যোৰহাটত নাথাকিলেও উপায়ুক্তৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰিছিলোঁ। আমাৰ স্বেচ্ছাসেৱকসকলে বান সাহায্যৰ কাম অব্যাহত ৰাখিছিল আৰু সকলো খবৰ মই নিয়মিতভাৱে লৈ আছিলোঁ।” সমষ্টিবাসীক অৱহেলা কৰাৰ অভিযোগ অস্বীকাৰ কৰি বিধায়কগৰাকীয়ে কয় যে, তেওঁ কেতিয়াও প্ৰচাৰৰ বাবে কাম কৰা নাই। এই সন্দৰ্ভত তেওঁ কয়, “মই কেতিয়াও প্ৰচাৰ বিচৰা মানুহ নহয়। যোৰহাটৰ মানুহেও মোৰ বিৰুদ্ধে কোনো অভিযোগ কৰা নাই।” সংবাদমাধ্যমৰ সৈতে কথা পাতোঁতে সমালোচনাৰ বিষয়ত মন্তব্য কৰিবলৈ গৈ বিধায়কগৰাকী আৱেগিক হৈ পৰে আৰু চকুলো মচি থকা দেখা যায়। বিধানসভাৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছতেই যোৰহাটলৈ ৰাওনা হ’ব বুলি জনাই তেওঁ কয় যে সন্ধিয়াৰ ভিতৰতে সমষ্টিত উপস্থিত হৈ বান পৰিস্থিতি, সাহায্য বিতৰণ আৰু পুনৰ্বাসনৰ কাম স্বচক্ষে পৰ্যবেক্ষণ কৰিব। লগতে পৰিস্থিতি ধীৰে ধীৰে উন্নত হৈছে বুলি উল্লেখ কৰি আগন্তুক দিনতো ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সকলোধৰণৰ ব্যৱস্থা তদাৰক কৰি যাব বুলি আশ্বাস দিয়ে। Share this:FacebookX Related Post navigation আই আই টি গুৱাহাটীৰ চৌহদত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ; আত্মহত্যাৰ সন্দেহত আৰক্ষীৰ তদন্ত