চৰকাৰী কাগজ-পত্ৰত ‘মৃত’ বুলি ঘোষণা কৰা এগৰাকী ২৬ বছৰীয়া যুৱতী হঠাতে আৰক্ষী থানাত উপস্থিত হোৱাৰ এক অভূতপূৰ্ব ঘটনাই জোকাৰি গৈছে দুখনকৈ ৰাজ্য। মহাৰাষ্ট্ৰ আৰক্ষীৰ এক চৰম দায়িত্বহীনতা আৰু ত্ৰুটিপূৰ্ণ তদন্তৰ বাবে যুৱতীগৰাকীক হত্যা কৰাৰ মিছা অভিযোগত বৰ্তমান কাৰাগাৰত বন্দী হৈ দিন কটাবলগীয়া হৈছে তেওঁৰ বৃদ্ধ পিতৃ আৰু ককায়েকে। মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ সীমান্তৱৰ্তী অঞ্চলত অলপতে পোহৰলৈ অহা এই ঘটনাই এতিয়া সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ লগতে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে।

বিস্ময়কৰ এই ঘটনাটোৰ সূত্ৰপাত হৈছিল এপ্ৰিলৰ প্ৰথম সপ্তাহত, যেতিয়া মধ্যপ্ৰদেশৰ বুৰহানপুৰ জিলাৰ খাডকী গাঁৱৰ বাসিন্দা শিৱানী বাপুৰাম কালমেকাৰ আৰু ২৪ বছৰীয়া অৰুণ দাদু কালমেকাৰ নামৰ যুৱকজন হঠাতে নিখোঁজ হৈ পৰে। পৰিয়ালৰ লোকে এই সন্দৰ্ভত স্থানীয় খাকনাৰ আৰক্ষী থানাত দুখন পৃথক পৃথক এজাহাৰ দাখিল কৰে। মধ্যপ্ৰদেশ আৰক্ষীয়ে এই ঘটনাৰ অনুসন্ধান চলাই থকাৰ মাজতে যোৱা ২৬ এপ্ৰিলত চুবুৰীয়া ৰাজ্য মহাৰাষ্ট্ৰৰ বুলদানা জিলাৰ জলগাঁও জামোদ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজুৰা বান্ধৰ সমীপৰ পৰা এজনী অচিনাক্ত যুৱতীৰ ছিন্নমুণ্ড আৰু আধা পোৰা মৃতদেহ উদ্ধাৰ হয়।

মহাৰাষ্ট্ৰ আৰক্ষীয়ে কোনো ধৰণৰ ফৰেনছিক বা ডি এন এ পৰীক্ষা নকৰাকৈয়ে কেৱল সময়ৰ সাদৃশ্যলৈ চাই এই মৃতদেহটো নিখোঁজ শিৱানীৰে বুলি এক ভুল সিদ্ধান্তত উপনীত হয়। সমগ্ৰ ঘটনাটোক এক ‘সন্মানৰ বাবে হত্যা’ বুলি ধাৰণা কৰি আৰক্ষীয়ে শিৱানীৰ ৫৫ বছৰীয়া পিতৃ বাপুৰাম কালমেকাৰ আৰু ২৭ বছৰীয়া ভাতৃ অজয় কালমেকাৰক তীব্ৰ জেৰা কৰে। অৱশেষত কোনো বৈজ্ঞানিক প্ৰমাণ অবিহনেই কেৱল পাৰিপাৰ্শ্বিক প্ৰমাণৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে পিতৃ-পুত্ৰক হত্যা আৰু প্ৰমাণ নষ্ট কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।

ইফালে, মধ্যপ্ৰদেশৰ খাকনাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিষেক যাদৱৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নিজাববীয়াকৈ অনুসন্ধান অব্যাহত ৰাখি কাৰিকৰী নিৰীক্ষণৰ সহায়ত শিৱানী আৰু অৰুণক মহাৰাষ্ট্ৰৰে নাছিকৰ পৰা সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, দুয়ো নিজ ইচ্ছাৰে ঘৰৰ পৰা ওলাই গৈছিল।

আৰক্ষীয়ে আঙুলিৰ চাপ আৰু পৰিয়ালৰ লোকৰ ভাষ্যৰ জৰিয়তে উদ্ধাৰ হোৱা যুৱতীগৰাকীয়েই যে প্ৰকৃত শিৱানী, তাক আইনীভাৱে প্ৰমাণ কৰে। নিজৰ পৰিয়ালটো আৰক্ষীৰ ভুলৰ বাবে ধ্বংস হৈ যোৱাৰ কথা গম পাই শিৱানীয়ে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ জলগাঁও জামোদ থানাত নিজে হাজিৰ হৈ তেওঁ জীয়াই থকাৰ প্ৰমাণ দাঙি ধৰে আৰু পিতৃ-ভাতৃক অতি সোনকালে মুকলি কৰি দিবলৈ কান্দি কান্দি দাবী উত্থাপন কৰে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া মহাৰাষ্ট্ৰ আৰক্ষীৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজ ক্ষোভত ফাটি পৰিছে। জলগাঁও জামোদ থানাৰ পৰিদৰ্শক নিতিন পাটিলে জানিবলৈ দিয়া মতে, মধ্যপ্ৰদেশ আৰক্ষীৰ পৰা আনুষ্ঠানিক পত্ৰ লাভ কৰাৰ পিছত বৰ্তমান পিতৃ-পুত্ৰৰ ওপৰৰ পৰা হত্যাৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। কিন্তু এই আইনী খেলিমেলিৰ মাজতে এতিয়া মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে যে ৰাজুৰা বান্ধৰ কাষত উদ্ধাৰ হোৱা সেই মূৰ কটা মৃতদেহটো প্ৰকৃততে কাৰ আছিল আৰু সেই দুৰ্ভগীয়া মহিলাগৰাকীৰ প্ৰকৃত হত্যাকাৰী কোন?

Leave a Reply

Your email address will not be published. Required fields are marked *