পবিত্ৰ বকৰি ঈদৰ পূৰ্বে সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা সদনত ভাষণ প্ৰদান কৰি তেওঁ এইবাৰ ঈদৰ সময়ত গৰু কোৰবানী পৰিহাৰ কৰিবলৈ অনুৰোধ জনায়। কোনো ধৰ্মগ্ৰন্থতে এই প্ৰথা বাধ্যতামূলক বুলি উল্লেখ নাই বুলিও তেওঁ সদনত স্পষ্ট কৰি দিয়ে।

ৰাজ্যখনৰ বঙালী মুছলিম সম্প্ৰদায়ৰ কেইবাটাও সংগঠনে হিন্দু ধৰ্মৱলম্বী লোকসকলৰ আৱেগ-অনুভূতিক সন্মান জনাই ইতিমধ্যে গৰু কোৰবানীৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপক অসমৰ সামাজিক সমন্বয় আৰু পাৰস্পৰিক বুজাবুজি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক ইতিবাচক খোজ বুলি মুখ্যমন্ত্ৰীয়ে অভিহিত কৰে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “এনে উদ্যোগে ৰাজ্যৰ সামাজিক গাঁথনিৰ বাবে এক নতুন দিশ প্ৰদৰ্শন কৰিছে। শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত এনে দায়িত্বশীল তথা চিন্তাশীল সিদ্ধান্ত লোৱা মুছলিম সমাজৰ একাংশক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।” যিসকলে এতিয়াও এনে সিদ্ধান্ত বাচি লোৱা নাই, তেওঁলোককো উৎসৱৰ সময়ত একেধৰণৰ সংযম অৱলম্বন কৰিবলৈ তেওঁ আহ্বান জনায়।

ভাষণৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই প্ৰস্তাৱিত উমৈহতীয়া দেৱানী বিধি সন্দৰ্ভতো মন্তব্য কৰে। ইয়াৰ জৰিয়তে বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ আৰু মহিলা উভয়ৰে সামাজিক নিৰাপত্তা সুনিশ্চিত হ’ব বুলি তেওঁ দাবী কৰে।

আনহাতে, অৰ্থনৈতিক প্ৰেক্ষাপট সন্দৰ্ভত বক্তব্য ৰাখি তেওঁ উল্লেখ কৰে যে বিগত পাঁচ বছৰত অসমৰ মুঠ ঘৰুৱা উৎপাদন উল্লেখনীয়ভাৱে বৃদ্ধি পাই ৮.৭১ লাখ কোটি টকাত উপনীত হৈছে। বৰ্তমানৰ এই বিকাশৰ ধাৰা অব্যাহত থাকিলে অনাগত বছৰবোৰত ৰাজ্যৰ দৰিদ্ৰতাৰ হাৰ বহুখিনি হ্ৰাস পাব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ইয়াৰ উপৰিও, বিগত এক দশকত ৰাজ্যত মাতৃ মৃত্যুৰ হাৰ হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ স্বাস্থ্য খণ্ডৰ উন্নতিৰ দিশটো দাঙি ধৰে। চৰকাৰী নিয়োগ প্ৰক্ৰিয়া সম্প্ৰসাৰণ কৰি প্ৰায় দুই লাখ যুৱক-যুৱতীক চাকৰি প্ৰদানৰ লক্ষ্য থকাৰ কথাও তেওঁ ঘোষণা কৰে। যুৱ প্ৰজন্মৰ মাজত আত্মসংস্থাপন আৰু উদ্যোগী মনোভাব গঢ়ি তুলিবলৈ চৰকাৰে এক শক্তিশালী পৰিৱেশ নিৰ্মাণৰ কাম কৰি থকা বুলি তেওঁ জানিবলৈ দিয়ে।

পূৰ্বৰ চৰকাৰক সমালোচনা কৰি শৰ্মাই কয় যে অতীতত অসমৰ আৰ্থিক স্থিতি অত্যন্ত দুৰ্বল আছিল, যাৰ বাবে ৰাজহৰ অভাৱত চৰকাৰী কৰ্মচাৰীৰ দৰমহা কেইবামাহো ধৰি পলমকৈ দিয়া হৈছিল। বৰ্তমানৰ চৰকাৰখনে উন্নয়ন, সুৰক্ষা আৰু খিলঞ্জীয়া সমাজৰ স্বাৰ্থ ৰক্ষাৰ বাবে জনতাৰ পৰা মহৎ জনাদেশ লাভ কৰিছে আৰু প্ৰশাসন আন্তঃগাঁথনি তথা অৰ্থনৈতিক বিকাশৰ সমান্তৰালভাৱে থলুৱা লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *