ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা নীট-ইউজিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআয়ে। পৰীক্ষাটোত সংঘটিত হোৱা অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলৰ অভিযোগত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পাঁচজডন ব্যক্তিক গ্ৰেপ্তাৰ কৰে তদন্তকাৰী সংস্থাই। ধৃত অভিযুক্তসকলৰ ভিতৰত নাচিকৰ শুভম খাইৰনাৰ, জয়পুৰৰ মাংগীলাল বিৱাল, বিকাশ বিৱাল আৰু দিনেশ বিৱালৰ লগতে গুৰুগ্ৰামৰ যশ যাদৱক এতিয়ালৈকে চিনাক্ত কৰা হৈছে। শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ উচ্চ শিক্ষা বিভাগৰ অভিযোগৰ ভিত্তিত যোৱা ১২ মে’ত পঞ্জীয়ন কৰা গোচৰৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰে চিবিআইয়ে। জয়পুৰৰ পৰা তিনিজন আৰু গুৰুগ্ৰাম তথা নাচিকৰ পৰা এজনকৈ অভিযুক্তক আটক কৰে তদন্তকাৰী বিষয়াসকলে। সংস্থাৰ ভাষ্য অনুসৰি এতিয়াও বহু সন্দেহযুক্ত লোক চিবিআইৰ নজৰত আছে আৰু আগন্তুক সময়ত অধিক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। দেশৰ বিভিন্ন প্ৰান্তত তালাচী চলাই ম’বাইল ফোনসহ কেইবাটাও ইলেকট্ৰনিক সঁজুলি আৰু গুৰুত্বপূৰ্ণ নথিও জব্দ কৰিবলৈ সক্ষম হয় তদন্তকাৰী দল। ৰাজস্থানৰ বিশেষ অপাৰেচন গ্ৰুপৰ সৈতে এই অভিযানত একেলগে কাম কৰিছে চিবিআইয়ে। প্ৰশ্নকাকত ফাদিলৰ এই নেটৱৰ্কৰ শিপা বিচাৰি উলিাবলৈ এতিয়া ডিজিটেল প্ৰমাণ আৰু কাৰিকৰী তথ্যসমূহৰ গভীৰ বিশ্লেষণ চলাই থকা হৈছে। সমগ্ৰ বিষয়টোক লৈ এক নিৰপেক্ষ আৰু পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে। তদন্ত চলি থকাৰ বাবে অভিযুক্তসকলৰ জৰিয়তে চক্ৰটোৰ সৈতে জড়িত আন লোকসকলকো চিনাক্ত কৰাৰ চেষ্টা চলাইছে সংস্থাই। প্ৰশ্নকাকত ফাদিলৰ নেটৱৰ্কটোৰ সম্পূৰ্ণ তথ্য উদ্ধাৰ কৰিবলৈ এতিয়াও তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। Share this:FacebookX Related Post navigation ইন্ধন সঞ্চয়ৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিৰ্দেশনা; সপ্তাহত দুদিনকৈ চৰকাৰী কৰ্মচাৰীৰ বাবে ‘ৱৰ্ক ফ্ৰম হোম’ৰ অনুমতি