Author: Paromita

অসমৰ কোনো জিলাতে নাই বিৰোধীৰ অস্তিত্ব! ২০২৬ত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়ৰ হুংকাৰ অজন্তা নেওগৰ

আগন্তুক বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় ঘটিব কংগ্ৰেছ মিত্ৰজোঁটৰ। এই দাবীৰে একপ্ৰকাৰ যুদ্ধংদেহী হুংকাৰ দিলে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। আজি গোলাঘাটত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত তেওঁ কয় যে বৰ্তমান…

কংগ্ৰেছৰ ২৫ বছৰীয়া সংগ ত্যাগ জনচন জে চাংমাৰ; বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোত মোক্ষম আঘাত

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ থকাৰ মাজতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে আহিছে এক বেয়া খবৰ। দলটোৰ সৈতে থকা ২৫ বছৰীয়া সম্পৰ্ক ছেদ কৰি আজি সকলো পদবী আৰু…

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে দেশবাসীক অভয়বাণী কেন্দ্ৰীয় চৰকাৰৰ; ভাৰতত কোনো কাৰণতে নঘটে ইন্ধনৰ নাটনি

দেশত নাটনি নহয় ইন্ধনৰ। চৰম উত্তেজনাপূৰ্ণ বৈশ্বিক পৰিস্থিতি আৰু ‘ষ্ট্ৰেইট অৱ হৰমুজ’ বন্ধ হৈ পৰাক লৈ সৃষ্টি হোৱা তীব্ৰ উৎকণ্ঠাৰ মাজতে আজি দেশবাসীক এই অভয়বাণী প্ৰদান কৰিলে কেন্দ্ৰীয় শক্তি মন্ত্ৰী…

পশ্চিম এছিয়াৰ যুদ্ধত বিধ্বস্ত হ’ব পাৰে ভাৰতৰ অৰ্থনীতিঃ সংসদত আশংকা ৰাহুল গান্ধীৰ

মধ্যপ্ৰাচ্যৰ ভয়ংকৰ যুদ্ধই এইবাৰ চৰম আঘাত হানিব পাৰে ভাৰতৰ অৰ্থনীতি আৰু শক্তি নিৰাপত্তাত! এই ভয়ংকৰ আশংকা ব্যক্ত কৰি আজি লোকসভাৰ মজিয়াত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিৰোধী দলপতি ৰাহুল গান্ধী।…

অসম আৰক্ষীৰ অপাৰেচন প্ৰঘাত; বাংলাদেশৰ সন্ত্ৰাসবাদীৰ সৈতে মিতিৰালি কৰি গ্ৰেপ্তাৰ ২ জেহাদী

বাংলাদেশভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে মিতিৰালি কৰি অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ জালত পৰিল দুই জেহাদী। মঙলবাৰে নিশা বজালী আৰু বৰপেটা জিলাত চলোৱা এক যুটীয়া অভিযানত জহিৰুল ইছলাম আৰু চাহিদুল ইছলাম…

বাইহাটা-তেজপুৰৰ ১৩৬ কিলোমিটাৰ পথ হ’ব চাৰিলেনযুক্ত; ১৫,৪৩১ কোটি টকাৰ মেগা প্ৰকল্পত বিত্ত মন্ত্ৰালয়ৰ অনুমোদন

ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন আনি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী ১৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ চাৰিলেনযুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে। প্ৰায় ১৫,৪৩১ কোটি টকা…

মণিপুৰত অপহৃত দুজনৰ মৃতদেহ উদ্ধাৰ; এনআইএ-ক অৰ্পণ অপহৰণ আৰু হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব

মণিপুৰত অপহৃত দুজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (এনআইএ)ক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি সদনৰ…

ইন্ধনৰ নাটনিক লৈ অপপ্ৰচাৰ চলালে হ’ব জেল; উৰাবাতৰি বিয়পোৱা দুষ্কৃতিকাৰীক অসম আৰক্ষীৰ কঠোৰ সকীয়নী

ৰাজ্যত এলপিজি আৰু অন্যান্য পেট্ৰ’লিয়াম সামগ্ৰীৰ নাটনি হোৱা বুলি উৰাবাতৰি বিয়পোৱা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষীয়ে। ছচিয়েল মিডিয়াযোগে আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে কোনো দুষ্কৃতিকাৰীয়ে জনসাধাৰণৰ…

নিৰ্বাচনৰ পূৰ্বে চামগুৰিত চাঞ্চল্য; পৰিত্যক্ত স্কুটীৰ পৰা উদ্ধাৰ ২৭ লাখতকৈ অধিক নগদ ধন

আগন্তুক নিৰ্বাচনৰ প্রাকক্ষণত নগাঁৱৰ চামগুৰিত এক পৰিত্যক্ত স্কুটীৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা-বৰজুৰী পথৰ কাষত ৰখাই থোৱা এখন…

কাছাৰত অসম ৰাইফলছ আৰু আৰক্ষীৰ বৃহৎ সফলতা; ৩.৫ কোটি টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ ৫ সৰবৰাহকাৰী

মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা এক যুটীয়া অভিযানত প্ৰায় ৩.৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰিলে অসম ৰাইফলছ আৰু কাছাৰ আৰক্ষীয়ে। কাছাৰ জিলাৰ কালাইনৰ সমীপৰ বুৰুঙা গাঁৱত চলোৱা এই অভিযানত হেৰ’ইনখিনিৰ সৈতে…