অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সন্ধিয়া জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা পৰিবহণ বিষয়া আৰু আবকাৰী অধীক্ষকৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত মিলিত হৈ ৰাজ্যজুৰি পথ সুৰক্ষা আৰু দুৰ্ঘটনা ৰোধৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। কাজিৰঙাৰ মৰ্মান্তিক পথ দুৰ্ঘটনাৰ দুদিন পিছতে অনুষ্ঠিত এই বৈঠকত সংশ্লিষ্ট কৰ্তৃপক্ষক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হয়, য’ত মদ্যপান কৰি গাড়ী চলোৱা আৰু অত্যধিক গতিবেগত গাড়ী চলোৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা আৰু যান-বাহনত গতি নিয়ন্ত্ৰণকাৰী যন্ত্ৰ বাধ্যতামূলক কৰাৰ পদক্ষেপ অন্তৰ্ভুক্ত। মুখ্যমন্ত্ৰীয়ে জিলা পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ জৰিয়তে ব্যস্ত সময়ত কঠোৰ নিৰীক্ষণ আৰু তালাচী চলাবলৈ আহ্বান জনায়। বৈঠকত এটা সমৰ্পিত পথ সুৰক্ষা পৰ্টেল মুকলি কৰাৰ লগতে পুৱা ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত বনভোজস্থলীলৈ যাত্ৰা কৰাটো নিৰুৎসাহিত কৰাৰ বাবে ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পথ দুৰ্ঘটনাৰ কাৰণ চিনাক্ত কৰি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে পষেকীয়া পৰ্যালোচনা অনুষ্ঠিত কৰা হ’ব। ইয়াৰ উপৰিও হেলমেট পৰিধান নকৰা আৰু অন্যান্য যান-বাহন আইন উলংঘাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হয়। ৰাজ্যজুৰি সুৰক্ষিত পথ নিশ্চিত কৰিবলৈ সকলো সংশ্লিষ্ট বিভাগে সমন্বয়ৰে কাম কৰিবলৈ আৰু জবাবদিহিতা আৰু নিৰীক্ষণ শক্তিশালী কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। Share this:FacebookX Related Post navigation অসমৰ মুখ্যমন্ত্ৰীৰ কাজিৰঙাৰ কালিৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন পদ খালী হৈ থকাৰ ফলত অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগ স্থবিৰ, ১৭১ টা ভুৱা এনকাউণ্টাৰৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশিত তদন্তত বাধা