জীৱিকাৰ সন্ধানত অৰুণাচল প্ৰদেশলৈ গৈ ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱাবলগীয়া হ’ল অসমৰ এজন যুৱকে। অনজাও জিলাৰ দুৰ্গম ৱালং অঞ্চলত দেওবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাত মৃত্যু ঘটে ফকলেন চালক ৰূপম ৰাভাৰ। মৃত ৰূপম ৰাভা কামৰূপ জিলাৰ বোকোৰ বঙাগাঁও বুঢ়িগাঁৱৰ বাসিন্দা। স্থানীয় সূত্ৰই জানিবলৈ দিয়া মতে, দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত আন্তঃগাঁথনি নিৰ্মাণৰ কামত নিয়োজিত অৱস্থাত তেওঁ ফকলেন চলাই আছিল। সেই সময়তে হঠাতে নামি অহা ভূমিস্খলনত ফকলেনখন টন টন বোকা আৰু শিলৰ তলত পোত যায়। ঘটনাস্থলীতে মৃত্যু হয় ৰূপম ৰাভাৰ। জীৱিকাৰ সন্ধানত কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশলৈ গৈছিল ৰূপম। বৰ্ষাকালত সঘনাই ভূমিস্খলন হোৱা এই সীমান্তৱৰ্তী পাহাৰীয়া জিলাখনত আন্তঃগাঁথনি নিৰ্মাণৰ কামত নিয়োজিত আছিল তেওঁ। এই অকাল মৃত্যুৰ পিছত শোকৰ ছাঁ নামি আহিছে তেওঁৰ জন্মস্থান বঙাগাঁও বুঢ়িগাঁৱত। ৰূপমৰ মৃত্যুত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলজুৰি শোকৰ পৰিৱেশে বিৰাজ কৰিছে। উল্লেখ্য যে, ৰূপম ৰাভাই পত্নী আৰু চাৰি বছৰীয়া এটি পুত্ৰ সন্তান এৰি থৈ যায়। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বহু যুৱকে জীৱিকাৰ তাগিদাত অৰুণাচলৰ দুৰ্গম পাহাৰীয়া অঞ্চলসমূহত কাম কৰিবলৈ যায়। বিশেষকৈ বৰ্ষাকালত ভূমিস্খলনপ্ৰৱণ এই অঞ্চলসমূহত কাম কৰাৰ সময়ত তেওঁলোকে প্ৰায়ে জীৱনৰ চৰম বিপদৰ সন্মুখীন হ’বলগীয়া হয়। Share this:FacebookX Related Post navigation ৩ বছৰীয়া কণমানিক ধৰ্ষণ-হত্যা! ৬০ দিনৰ ভিতৰতে শুনানি সম্পন্ন কৰি অপৰাধীক মৃত্যুদণ্ড আদালতৰ অৰুণাচলত চীনা সেনাৰ আগ্ৰাসন! ভাৰতীয় ভূখণ্ডত চীনে সামৰিক শিবিৰ স্থাপনৰ অভিযোগ স্থানীয় সংগঠনৰ