মাত্ৰ ৬০ দিনৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তিনি বছৰীয়া কণমানিক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত এজন ৬৫ বছৰীয়া লোকক মৃত্যুদণ্ড বিহি নজিৰ সৃষ্টিকাৰী ৰায় দিলে পুনেৰ বিশেষ ফাষ্ট-ট্ৰেক আদালতে। “বিৰলৰ ভিতৰত বিৰল” (Rarest of the Rare) শ্ৰেণীৰ অপৰাধ বুলি অভিহিত কৰি আদালতে কয় যে, এই নৃশংস ঘটনাই কেৱল ন্যায়ব্যৱস্থাৰ বিবেককেই নহয়, সমগ্ৰ সমাজৰ বিবেককো গভীৰভাৱে জোকাৰি গৈছে।

বিশেষ ন্যায়াধীশ এছ আৰ চাংলৌকেই অভিযুক্তজনক হত্যা, ধৰ্ষণ আৰু পকছ’ আইনৰ এক ধাৰাত পৃথকে পৃথকে তিনিটা মৃত্যুদণ্ড প্ৰদান কৰে। আদালতে লগতে মন্তব্য কৰে যে, অভিযুক্তৰ কাৰ্যকলাপ আছিল অতি নৃশংস, অমানৱীয় আৰু বৰ্বৰ। সমাজলৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ স্বাৰ্থতেই এই গোচৰত সৰ্বোচ্চ শাস্তি প্ৰয়োজনীয় বুলি আদালতে মত প্ৰকাশ কৰে।

এই ৰায়ৰ মূলতে আছিল ১ মে’ত সংঘটিত হোৱা এক জঘন্য অপৰাধ। আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা মতে, আইতাকৰ ঘৰত থকা তিনি বছৰীয়া শিশুটিক অপহৰণ কৰি ধৰ্ষণ কৰাৰ পিছত হত্যা কৰিছিল অভিযুক্তই।

তদন্তৰ পিছত বিচাৰ প্ৰক্ৰিয়াত অভিযোগকাৰী পক্ষই পৰিস্থিতিজনিত প্ৰমাণৰ এক শক্তিশালী শৃংখল আদালতৰ সন্মুখত দাঙি ধৰে। সেই সকলো তথ্য পৰ্যালোচনা কৰাৰ অন্তত আদালতে কয় যে, গোচৰটোৰ প্ৰতিটো পৰিস্থিতিজনিত প্ৰমাণে একেটা দিশলৈহে আঙুলিয়াইছে। শিশুটি জীৱিত অৱস্থাত শেষবাৰৰ বাবে অভিযুক্তৰ সৈতেই দেখা গৈছিল আৰু তাৰ পিছত আন কোনো ব্যক্তিৰ উপস্থিতিৰ প্ৰমাণ পোৱা নগ’ল।

এই গোচৰত চিচিটিভি ফুটেজ আছিল অন্যতম গুৰুত্বপূৰ্ণ প্ৰমাণ। বিশেষ ৰাজহুৱা অভিযোজক অজয় মিছাৰে আদালতত দাখিল কৰা ছয়টা চিচিটিভি ফুটেজত দেখা যায়, দুপৰীয়া ৩ বাজি ১২ মিনিটত অভিযুক্তই শিশুটিক ঘটনাস্থলীৰ দিশলৈ লৈ যায় আৰু ৩ বাজি ৫১ মিনিটত অকলে উভতি আহে। অভিযোগকাৰী পক্ষই আদালতত যুক্তি দিয়ে যে, এই ৩৯ মিনিটৰ সময়ছোৱাতেই শিশুটিক ধৰ্ষণ, অস্বাভাৱিক যৌন নিৰ্যাতন আৰু হত্যা কৰাৰ লগতে মৃতদেহ লুকুৱাই ৰখা হৈছিল।

চিচিটিভি ফুটেজৰ উপৰি বৈজ্ঞানিক প্ৰমাণেও অভিযোগকাৰী পক্ষৰ দাবীক অধিক শক্তিশালী কৰি তোলে। ডি এন এ প্ৰফাইলিং, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, চিকিৎসা-প্ৰমাণ আৰু অন্যান্য ফৰেনছিক তথ্যই অভিযুক্তৰ জড়িত থকাৰ বিষয়টো স্পষ্টভাৱে প্ৰতিষ্ঠা কৰিছে বুলি আদালতে উল্লেখ কৰে।

লক্ষণীয় যে, অভিযোগকাৰী পক্ষই আদালতত আন এক ভয়ংকৰ তথ্যও উত্থাপন কৰে। তেওঁলোকে কয় যে, শিশুটিৰ মৃত্যুৰ পিছতো মৃতদেহৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল অভিযুক্তই। পূৰ্বৰ অপৰাধমূলক গোচৰৰ অভিজ্ঞতা ব্যৱহাৰ কৰি তেওঁ প্ৰমাণ নষ্ট কৰাৰ লগতে তদন্ত বিভ্ৰান্ত কৰাৰো চেষ্টা কৰিছিল।

তদুপৰি, শিশু সাক্ষীকে ধৰি ৫৫ জন সাক্ষীৰ সাক্ষ্য, জব্দ কৰা সামগ্ৰী, চিনাক্তকৰণ প্ৰক্ৰিয়াৰ নথি, ৰাসায়নিক বিশ্লেষণ প্ৰতিবেদন আৰু অন্যান্য ফৰেনছিক প্ৰমাণ আদালতৰ সন্মুখত দাখিল কৰে অভিযোগকাৰী পক্ষই। অভিযোগকাৰী পক্ষৰ মতে, এই সকলো প্ৰমাণে গোচৰটোৰ ঘটনাক্ৰমৰ এক সম্পূৰ্ণ আৰু অবিচ্ছিন্ন শৃংখল গঢ়ি তোলে। তদন্তৰ কোনো পৰ্যায়তে প্ৰমাণৰ এই শৃংখল ভংগ হোৱা নাছিল বুলিও তেওঁলোকে আদালতৰ দৃষ্টি আকৰ্ষণ কৰে।

শাস্তি নিৰ্ধাৰণৰ শুনানিৰ সময়ত বিশেষ ৰাজহুৱা অভিয়োজক অজয় মিছাৰে উচ্চতম ন্যায়ালয়ৰ একাধিক ৰায়ৰ দৃষ্টান্ত দাঙি ধৰি আদালতক সৰ্বোচ্চ শাস্তি বিহিবলৈ আহ্বান জনায়। তেওঁ যুক্তি দিয়ে যে, এই অপৰাধ কোনো ক্ষণিকৰ আৱেগৰ ফল নাছিল; বৰং সম্পূৰ্ণ সুপৰিকল্পিত আৰু শীতল মস্তিষ্কেৰে সংঘটিত হৈছিল। এনে অপৰাধে সমগ্ৰ সমাজৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায় বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে, ঘটনাটোৰ তদন্তৰ বাবে ১৫ জনীয়া বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছিল। ঘটনাৰ মাত্ৰ ১৫ দিনৰ ভিতৰতে আৰক্ষীয়ে ১,১০০ পৃষ্ঠাৰ অভিযোগনামা আদালতত দাখিল কৰে। ২৮ মে’ত অভিযোগ গঠন হোৱাৰ পিছতেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু মুঠ ৫৫ জন সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পন্ন কৰা হয়।

ৰায় ঘোষণাৰ সময়ত আদালত চৌহদত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়। নিহত শিশুৰ পৰিয়ালৰ সদস্যসকল, আইনজীৱী, সংবাদকৰ্মী আৰু বহু লোক আদালতত উপস্থিত থাকে। ফাঁচীৰ ৰায় ঘোষণা হোৱাৰ লগে লগে নিহত শিশুৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ সদস্যসকল কান্দোনত ভাগি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *