ভাৰত-চীন সীমান্তত চীনৰ তৎপৰতা পুনৰ উদ্বেগৰ কাৰণ হৈ উঠিছে। এইবাৰ অৰুণাচল প্ৰদেশৰ আপাৰ সুৱনশিৰি জিলাৰ টাকচিং অঞ্চলত ভাৰতীয় ভূখণ্ড দখল কৰি চীনা পিপলছ লিবাৰেচন আৰ্মি (পিএলএ)-এ সামৰিক শিবিৰ, পথ আৰু দলং নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় এটা সমাজকল্যাণমূলক সংগঠনে। বিষয়টোত তাৎক্ষণিক হস্তক্ষেপ বিচাৰি জিলা প্ৰশাসনৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ আবেদন জনাইছে সংগঠনটোৱে।

টাকচিংস্থিত ‘এনএএইচ ৱেলফেয়াৰ ছ’চাইটি’য়ে আপাৰ সুৱনশিৰি জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰত এই অভিযোগ উত্থাপন কৰিছে। ২৬ জুনত সংগঠনটোৰ সভাপতি কেৰু চাডাৰে স্বাক্ষৰ কৰা স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি, অয়িং (আছাফিলা), পানিয়াৰ (চুজাৰ্টা), মাৰপান (মাৰ্নাফে), প’ট্ৰাং হ্ৰদ আৰু টিণ্ডিংটাং অঞ্চলত চীনা সেনাই সামৰিক উপস্থিতি গঢ়ি তুলিছে।

সংগঠনটোৰ দাবী অনুসৰি, এই স্থানসমূহ ২০২০ চনৰ পূৰ্বলৈকে ভাৰতীয় ভূখণ্ডৰ অন্তৰ্গত আছিল। ইয়াৰে কেইবাটাও স্থান স্থানীয় জনগোষ্ঠীৰ পৈতৃক চিকাৰক্ষেত্ৰ, গৰু চৰোৱা ভূমি আৰু চাৰি অঞ্চলৰ পবিত্ৰ তীৰ্থস্থান হিচাপে পৰিচিত।

ইফালে, বিগত পাঁচ বছৰত চীনা সেনাই এই অঞ্চলসমূহত দ্ৰুতগতিত পথ, দলং আৰু সামৰিক শিবিৰ নিৰ্মাণ কৰি নিজৰ উপস্থিতি শক্তিশালী কৰিছে বুলিও সংগঠনটোৱে অভিযোগ কৰে। ফলত সীমান্তৱৰ্তী বহু এলেকাত স্থানীয় লোকসকলৰ পৰম্পৰাগত অধিকাৰো সংকুচিত হৈ আহিছে বুলি স্মাৰকপত্ৰখনত উল্লেখ কৰে সংগঠনটোৱে।

সংগঠনটোৰ সভাপতি কেৰু চাডাৰে কয়, “আমি প্ৰতিদিনে ইঞ্চি ইঞ্চিকৈ নিজৰ ভূমি হেৰুৱাই আছো। টাকচিং অঞ্চলত চীনা সেনাৰ বৰ্তমানৰ কাৰ্যকলাপ আৰু সম্প্ৰসাৰণৰ গতি অতি উদ্বেগজনক।”

তদুপৰি, বিষয়টো কেৱল স্থানীয় সমস্যা বুলি গণ্য নকৰি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচনা কৰিবলৈও আহ্বান জনায় সংগঠনটোৱে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে হস্তক্ষেপ কৰি পৰিস্থিতিৰ বুজ ল’ব লাগে বুলিও স্মাৰকপত্ৰখনত অনুৰোধ জনোৱা হৈছে।

ভাৰতীয় সেনাৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰি সংগঠনটোৱে কয় যে, সীমান্ত সুৰক্ষাত সেনাই দীৰ্ঘদিন ধৰি দায়িত্ব পালন কৰি আহিছে। কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন অনুভৱ হৈছে।

উল্লেখ্য যে, সংগঠনটোৱে নিজৰ অভিযোগৰ সমৰ্থনত কেইবাখনো আলোকচিত্ৰও জিলা প্ৰশাসনৰ ওচৰত দাখিল কৰে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত ভাৰতীয় সেনা, কেন্দ্ৰীয় চৰকাৰ বা চীনৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *