অৰুণাচল প্ৰদেশত অব্যাহত আছে বান আৰু ভূমিস্খলনৰ সংহাৰ। ৰাজ্যখনত শেহতীয়াকৈ পুনৰ সৃষ্টি হোৱা বান আৰু ভূমিস্খলনৰ ফলত নতুনকৈ ক্ষতিগ্ৰস্ত হৈছে ছয়খন জিলা। ইয়াৰ লগে লগে সমগ্ৰ ৰাজ্যত এই দুৰ্যোগৰ কৱলত পৰা লোকৰ সংখ্যা বৃদ্ধি পাই ৯৪ হাজাৰৰো অধিক হৈছে। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই জনোৱা মতে, যোৱা ২৪ ঘণ্টাত কেয়ি পানিঅৰ, আপাৰ ছিয়াং, তিৰাপ, চাংলাং, পাপুম পাৰে আৰু আপাৰ সুৱনশিৰি জিলাৰ বিভিন্ন অঞ্চলত বান আৰু ভূমিস্খলনৰ নতুন ঘটনা সংঘটিত হৈছে। বহু গাঁৱত ঘৰ-বাৰী, কৃষিভূমি, পথ-দলং আৰু চৰকাৰী সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। এই নতুন ঘটনাসমূহৰ ফলত দুৰ্যোগৰ প্ৰভাৱ আৰু অধিক বিস্তাৰ লাভ কৰিছে। চৰকাৰী হিচাপ অনুসৰি, ২৬খন জিলাৰ ২৩৭টা মণ্ডলৰ অন্তৰ্গত ৩৩৩খন গাঁৱৰ মুঠ ৯৪ হাজাৰ ২০১ জন লোক এতিয়ালৈ বান আৰু ভূমিস্খলনত প্ৰভাৱিত হৈছে। মানৱীয় ক্ষয়-ক্ষতিও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। যোৱা দুসপ্তাহত বৰষুণজনিত বিভিন্ন ঘটনাত ছয়জন লোকে প্ৰাণ হেৰুৱাইছে। বুধবাৰে লোহিত জিলাৰ এটা নিৰ্মাণস্থলীত সংঘটিত ভূমিস্খলনত বিহাৰৰ দুজন শ্ৰমিকৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে কেয়ি পানিঅৰ জিলাত আকস্মিক বানত তিনিজনৰ মৃত্যু হৈছিল। একে জিলাতে ২৪ জুনত বানৰ সোঁতত উটি যোৱা দুগৰাকী মহিলাৰ সন্ধানত এতিয়াও উদ্ধাৰ অভিযান চলি আছে। আনহাতে, আনজাও জিলাৰ চাৰ্টি গাঁৱত সংঘটিত ভূমিস্খলনত আন এজন লোকে প্ৰাণ হেৰুৱাইছিল। কৃষি আৰু বনাঞ্চলতো এই দুৰ্যোগে গভীৰ প্ৰভাৱ পেলাইছে। বৰ্তমানলৈ ৩৩৪.২ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত ১৮৫.৫ হেক্টৰ উদ্যান শস্যৰ খেতি আৰু ১৪৮.৭ হেক্টৰ কৃষিভূমি আছে। ইয়াৰ উপৰি প্ৰায় ১,০১০ হেক্টৰ বনাঞ্চলৰো ক্ষতি হৈছে। জনসাধাৰণৰ দৈনন্দিন জীৱনৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহো দুৰ্যোগৰ আঘাতৰ পৰা ৰক্ষা পোৱা নাই। চৰকাৰী তথ্য অনুসৰি, ১৩১টা পথ, ১৯খন দলং, ২১টা কালভাৰ্ট, ১৯১টা পানী যোগান ব্যৱস্থা, ৫৮টা চৰকাৰী ভৱন, ২১টা বিদ্যুৎ পৰিবাহী লাইন, ২২৪টা বিদ্যুতৰ খুঁটা, চাৰিটা জলবিদ্যুৎ প্ৰকল্প, সাতটা সংৰক্ষণ দেৱাল, সাতটা বান প্ৰতিৰোধী দেৱাল, দুখন চিকিৎসালয় আৰু তিনিখন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বহু ঘৰ-বাৰীৰো বিস্তৰ ক্ষতি হৈছে। ক্ষতিগ্ৰস্ত লোকসকলক তাৎক্ষণিক সহায় আগবঢ়াবলৈ কেয়ি পানিঅৰ জিলাত দুটা সাহায্য শিবিৰ চলাই আছে প্ৰশাসনে। এই শিবিৰ দুটাত বৰ্তমান ২৫২ জন লোকে আশ্ৰয় লৈছে। ইয়াৰ সমান্তৰালভাৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ, সাহায্য আৰু পুনৰুদ্ধাৰৰ কাম অব্যাহত ৰাখিছে সংশ্লিষ্ট সংস্থাসমূহে। ইফালে, অহা কেইদিনমানতো বতৰ সম্পূৰ্ণ স্বাভাৱিক হোৱাৰ সম্ভাৱনা নাই। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বৃহস্পতিবাৰৰ বাবে ছি-ইয়মি, ছিয়াং, পূব ছিয়াং, ল’ৱাৰ দিবাং উপত্যকা, লোহিত আৰু লংডিং জিলাত কমলা সতৰ্কবাণী জাৰি কৰে। এই অঞ্চলসমূহত বজ্ৰপাতসহ ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিভাগটোৱে। শুকুৰবাৰৰ পৰা বৰষুণৰ তীব্ৰতা কিছু হ্ৰাস পাব বুলি পূৰ্বাভাস দিয়া হৈছে যদিও পাপুম পাৰে, ল’ৱাৰ দিবাং ভেলী আৰু তিৰাপ জিলাত অৰেঞ্জ এলাৰ্ট বাহাল থাকিব। সপ্তাহান্তত ৰাজ্যৰ অধিকাংশ অঞ্চলত বতৰৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে যদিও পূৰ্বাঞ্চল আৰু পাদদেশীয় কেইবাখনো জিলাত সোমবাৰলৈ ইয়েল’ এলাৰ্ট জাৰি থাকিব। Share this:FacebookX Related Post navigation দীপৰ বিলত থলুৱা প্ৰজাতিৰ মাছৰ পোনা এৰি দিলে দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে ; জানুৱাৰীলৈ বিলৰ বুকুত বন্ধ থাকিব মাছ ধৰা পৰ্ব ভাওনাত মহিলাৰ ভাও লোৱা শিল্পীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ! ডেকা সত্ৰাধিকাৰক গ্ৰেপ্তাৰ