উত্তৰ-পূৰ্বাঞ্চলৰ জীৱনক বহনক্ষমভাৱে সবলীকৰণৰ দিশত এক ইতিবাচক পদক্ষেপ হিচাপে ভাৰতৰ আগশাৰীৰ সংহত শক্তি সমাধান প্ৰদানকাৰী প্ৰতিষ্ঠান অপ্ৰাভ এনাৰ্জীয়ে চলাৰ ইনষ্টলেচনৰ জৰিয়তে অসম আৰু নাগালেণ্ডৰ সম্প্ৰদায়, স্বাস্থ্য আৰু শৈক্ষিক স্থলসমূহক শক্তি প্ৰদান কৰিবলৈ চেলকো ফাউণ্ডেচনৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে গাঁওসমূহত বহনক্ষম আৰু নিৰ্ভৰযোগ্য শক্তি প্ৰদান কৰা, যিয়ে ২১,০০০ৰো অধিক লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলায়। এই সৌৰ প্ৰকল্প স্থাপনে বছৰি ~৫৭ টন কাৰ্বন ডাই অক্সাইড ৰাহি কৰিব বুলি আশা কৰা হৈছে, যি বছৰি প্ৰায় ২,৫৮০টা গছ ৰোপণৰ সমতুল্য।

অসমৰ চিৰাং জিলাত ২৭.৫ কিলোৱাট সৌৰশক্তি চালিত সামূহিক প্ৰকল্পই স্বাস্থ্য, জীৱিকা, শিক্ষা আৰু যুৱক-যুৱতীসকলৰ সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি একাধিক উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰি আছে। এই কেন্দ্ৰটোত স্থানীয় মহিলা শিল্পীসকলক দক্ষতা আৰু বহনক্ষম আয়ৰ দ্বাৰা সবলীকৰণ কৰা বয়ন বা শিপ্নী গোট, মানসিক স্বাস্থ্য আৰু ফিজিঅ’থেৰাপি ক্লিনিক আৰু ঘৰুৱা নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাসকলক সহায় কৰা আইনী সাহায্য কেন্দ্ৰ আদি অন্তৰ্ভুক্ত কৰা হৈছে।

নাগালেণ্ডৰ কহিমা জিলাৰ ঝাকামা আৰু ঝাদিমা গাঁওকেইখনে ২২.৩২ কিলোৱাট চলাৰ ইনষ্টলেচন আৰু ইনভাৰ্টাৰ প্ৰণালীৰ পৰা লাভান্বিত হৈছে যিয়ে বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ আৰু সামূহিক অঞ্চলসমূহক শক্তি প্ৰদান কৰিছে।  এই পদক্ষেপৰ বিষয়ে সদৰি কৰি অপ্ৰাভ এনাৰ্জীৰ চিএছআৰৰ মুৰব্বী ড০ প্ৰিয়েশ মোদীয়ে কয় যে, “আমি অঞ্চলটোত আমাৰ ব্যৱসায়িক উপস্থিতি বৃদ্ধিৰ সমান্তৰালভাৱে আমি এনে পদক্ষেপৰ জৰিয়তে অধিক জীৱন সলনি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ।”  ইয়াৰ লগতে সামূহিক বিনিয়োগ পদক্ষেপৰ অংশ হিচাপে অপ্ৰাভৰ এগ্ৰি-ছি(মহিলা কৃষক) পদক্ষেপৰ জৰিয়তে ৩,০০০ৰো অধিক মহিলা উদ্যোগীক কৃষি আৰু পশুধন ভিত্তিক জীৱিকাৰ দক্ষতাৰে সজ্জিত কৰি তুলিছে।  দ্য অক্ষয় পাত্র ফাউণ্ডেচনৰ সহযোগিতাত কোম্পানীটোৱে যোৰহাটত এখন কেন্দ্ৰীয়কৃত মধ্যাহ্ন ভোজন পাকঘৰ স্থাপন কৰিছে, য’ত প্ৰতিদিনে প্ৰায় ১১,০০০ বিদ্যালয়ৰ শিশুক পুষ্টিকৰ আহাৰ পৰিৱেশন কৰা হয়।  অপ্ৰাভে বৰ্তমান সমগ্ৰ অসম, নাগালেণ্ড আৰু মণিপুৰত ট্ৰেন্সমিচন সম্পদ পৰিচালনা কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *