শিক্ষাৰ্থী নহয় যেন সন্ত্ৰাসবাদীহে! শিক্ষা নীতিৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে শিক্ষাৰ্থীৰ ওপৰত একে-৪৭ ৰাইফলেৰে গুলীবৰ্ষণ কৰাৰ অভিযোগ উঠিল বিহাৰ আৰক্ষীৰ এজন জোৱানৰ বিৰুদ্ধে। সামাজিক মাধ্যমত ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে অৱশেষত অভিযুক্ত আৰক্ষী জোৱানজনক নিলম্বন কৰে বিহাৰ আৰক্ষী মুখ্য কাৰ্যালয়ে।

জানিব পৰা মতে, ২৫ জুলাইত ‘বিহাৰ বন্ধ’ কাৰ্যসূচীৰ সময়ত শিৱান জিলাত প্ৰতিবাদ সাব্যস্ত কৰিছিল শিক্ষাৰ্থী সংগঠনসমূহে। এই প্ৰতিবাদৰ সময়তেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। সেই সময়তে এজন আৰক্ষী জোৱানে একে-৪৭ ৰাইফল ব্যৱহাৰ কৰি গুলীচালনা কৰা বুলি অভিযোগ উত্থাপন হয়।

ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে বিহাৰ আৰক্ষীয়ে বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰে আৰু বিভাগীয় তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্ত জোৱানজনক তাৎক্ষণিকভাৱে নিলম্বন কৰে।

ইফালে, ঘটনাটোত গুলীবিদ্ধ হোৱা তিনিজন প্ৰতিবাদকাৰীক পাটনাৰ জয়প্ৰভা মেডান্তা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে। চিকিৎসকৰ তথ্য অনুসৰি, আহত তিনিওজনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ।

আহতসকলৰ ভিতৰত ১৫ বছৰীয়া মহম্মদ আৰিফো আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, দোকান বন্ধ কৰি ঘৰলৈ উভতি অহাৰ সময়ত সংঘৰ্ষৰ মাজত ডিঙিত গুলী লাগে কিশোৰজনৰ। চিকিৎসকে অস্ত্ৰোপচাৰ কৰি গুলীটো উলিয়াই দিয়ে আৰু বৰ্তমান তেওঁৰ অৱস্থা সংকটমুক্ত।

ঘটনাক কেন্দ্ৰ কৰি বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱে সামাজিক মাধ্যমত ভিডিঅ’ প্ৰকাশ কৰি জড়িত আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও বিষয়টো উত্থাপন কৰি মন্তব্য কৰে যে দেশজুৰি প্ৰতিবাদী শিক্ষাৰ্থীৰ বিৰুদ্ধে চৰকাৰৰ ব্যৱহাৰৰ ধৰণ একেই হৈ আছে।

আম আদমী পাৰ্টীয়েও ঘটনাটোৰ তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে, বিজেপিয়ে গণতন্ত্ৰক গুলীচালনাৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছে।

বিহাৰ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, আইন-শৃংখলা ৰক্ষা কৰাটোৱেই আৰক্ষীৰ মূল দায়িত্ব। কোনো আৰক্ষী সদস্যই নিয়ম ভংগ কৰি থাকিলে সেই বিষয়ত কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰা হয়। বিভাগীয় তদন্তৰ প্ৰতিবেদন লাভ কৰাৰ পিছত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *