বানপানীত উটি গ’ল প্ৰায় তিনি হাজাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ! মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত অবিৰত বৰষুণৰ ফলত সংঘটিত এই অস্বাভাৱিক ঘটনাই প্ৰশাসনক জৰুৰী তৎপৰতা আৰম্ভ কৰিবলৈ বাধ্য কৰিছে। ৰায়গড় জিলাৰ ৰাছায়নী ঔদ্যোগিক এলেকাত থকা এটা ৰন্ধন গেছ ভৰ্তি কেন্দ্ৰত বুধবাৰে এই ঘটনা সংঘটিত হয়। অবিৰত বৰষুণৰ ফলত উপচি পৰা এটা জলপথৰ বানপানীয়ে ভৰ্তি আৰু খালী মিলাই প্ৰায় তিনি হাজাৰ গেছ চিলিণ্ডাৰ পাতালগংগা নদীলৈ উটুৱাই নিয়ে। সামাজিক মাধ্যমত বিয়পি পৰা ভিডিঅ’সমূহত শতাধিক গেছ চিলিণ্ডাৰ প্ৰবল পানীৰ সোঁতে নদীৰে বৈ যোৱা দৃশ্য দেখা গৈছে। ঘটনাটোৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। জিলা প্ৰশাসনৰ তথ্য অনুসৰি, বৰ্তমানলৈ প্ৰায় এক হাজাৰ চিলিণ্ডাৰ উদ্ধাৰ কৰা হৈছে। নদীত বৈ থকা আৰু বিভিন্ন স্থানত আৱদ্ধ হৈ থকা বাকী চিলিণ্ডাৰসমূহ বিচাৰি উদ্ধাৰৰ অভিযান অব্যাহত আছে। কোনো লোকে চিলিণ্ডাৰ পালে তাক স্পৰ্শ নকৰিবলৈ বা ঘৰলৈ নিবলৈ স্থানীয় বাসিন্দাসকলক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে। ৰায়গড়ৰ জিলা আয়ুক্ত কিশান জাভলেই কয় যে চিলিণ্ডাৰসমূহত গেছ আছে নে নাই অথবা সুৰক্ষিত অৱস্থাত আছে নে নাই, সেই বিষয়ে নিশ্চিতভাৱে কোৱা সম্ভৱ নহয়। সেইবাবে কৌতূহলবশতঃ চিলিণ্ডাৰ খোলা, ব্যৱহাৰ কৰা বা ঘৰলৈ নিয়াটো অতি বিপজ্জনক হ’ব পাৰে বুলিও তেওঁ সতৰ্ক কৰি দিয়ে। উল্লেখ্য যে, যোৱা এসপ্তাহ ধৰি মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ হৈ আছে। ইয়াৰ ফলত একাধিক জিলাত বানপানী, জলমগ্ন অৱস্থা আৰু জনজীৱন ব্যাহত হৈছে। ৰায়গড় জিলাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত অন্যতম। ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বৃহস্পতিবাৰৰ বাবে মুম্বাই আৰু থানে জিলাত ইয়েল’ এলাৰ্ট জাৰি কৰে। বজ্ৰপাতসহ মধ্যমীয়া বৰষুণ আৰু প্ৰচণ্ড বতাহৰ সম্ভাৱনাৰ কথা জানিবলৈ দি প্ৰশাসনে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। Share this:FacebookX Related Post navigation মৰ্মান্তিক! এজনক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু একেটা পৰিয়ালৰ ৪ সদস্যৰ দীপৰ বিলত থলুৱা প্ৰজাতিৰ মাছৰ পোনা এৰি দিলে দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে ; জানুৱাৰীলৈ বিলৰ বুকুত বন্ধ থাকিব মাছ ধৰা পৰ্ব