১৯ এপ্ৰিলত দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। আন আন ৰাজ্যৰ লগত অসমৰো ৫ টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এই ভোটগ্ৰহণৰ প্ৰাকক্ষণত আজি নলবাৰীত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বৰকুৰাৰ বিদ্যাঞ্চলৰ বিশাল ভূমিত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীয়ে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ লগতে দৰং ওদালগুৰিৰ বিজেপি প্ৰাৰ্থী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থিৰ হৈ প্ৰচাৰ চলায়। Share this:FacebookX Related Post navigation ওদালগুৰিত অঘটন আশীৰ্বাদে ৰচিলে ইতিহাস : ৰঙালী বিহুত দীঘলীয়া বিহু নৃত্যৰে অভিলেখ