হায়দৰাবাদত অনুষ্ঠিত ৭৪ সংখ্যক বি.এন. মল্লিক সৰ্বভাৰতীয় পুলিচ ফুটবল চেম্পিয়নশ্বিপ ২০২৫-২৬ ত অসম ৰাইফেলছৰ মহিলা ফুটবল দলটোৱে তেওঁলোকৰ আধিপত্য অক্ষুণ্ণ ৰাখিছে। সমগ্ৰ প্ৰতিযোগিতাত এখনো খেলত পৰাজিত নোহোৱাকৈ দলটোৱে ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে।
এক প্ৰেছ বিবৃতি অনুসৰি, লীগ পৰ্যায়ত দলটোৱে ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰিছিল। তেওঁলোকে ক্ৰমে মণিপুৰ পুলিচক ৫-০, ওড়িশা পুলিচক ৪-০, তামিলনাডু পুলিচক ২-০ আৰু মহাৰাষ্ট্ৰ পুলিচক ৩-০ গ’লত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত থাকি ছেমিফাইনেলত প্ৰৱেশ কৰে।
ছেমিফাইনেলত অসম ৰাইফেলছে সশস্ত্ৰ সীমা বলক (SSB) ৩-১ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হোৱাটো নিশ্চিত কৰে। ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত দলটোৱে ওড়িশা পুলিচৰ মুখামুখি হ’ব। প্ৰেছ বিবৃতিটোত উল্লেখ কৰা হৈছে যে দলটোৰ এই ধাৰাবাহিক প্ৰদৰ্শনে তেওঁলোকৰ প্ৰস্তুতি, সমন্বয় আৰু অনুশাসনকে প্ৰতিফলিত কৰিছে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *