বিশ্বব্যাপী উদ্ভাৱনৰ ১৫ বছৰ আৰু ভাৰতত ১১ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে জিয়মি ইণ্ডিয়াই মুকলি কৰিছে ৰেডমি১৫ ৫জি। নতুন মোবাইলটো শক্তি, পৰিৱেশন আৰু ষ্টাইলৰ সংমিশ্ৰণ, যি আজিৰ সংযুক্ত গ্ৰাহকৰ বাবে ডিজাইন কৰা হৈছে৷ ৰেডমি ১৫ ৫জি-ত ছেগমেণ্ট-প্ৰথম ৭০০০এমএএইছ ইভি-গ্ৰেড চিলিকন-কাৰ্বন বেটাৰী মুকলি কৰা হৈছে, যিয়ে ৩৩ৱাট ফাষ্ট চাৰ্জিং আৰু ১৮ৱাট ৰিভাৰ্ছ চাৰ্জিঙৰ সৈতে ৪৮ ঘণ্টা পৰ্যন্ত শক্তি প্ৰদান কৰে। ইয়াত ১৪৪ হাৰ্টজ পৰ্যন্ত ৰিফ্ৰছৰেট, টিইউভি ৰিনলেণ্ড ট্ৰিপল প্ৰমাণীকৰণ আৰু নিমজ্জিত মনোৰঞ্জনৰ বাবে ডলবী-প্ৰমাণিত স্পীকাৰৰ সৈতে এটা ৬.৯ ইঞ্চিৰ এফএইছডি+এডাপ্টিভ চিংক ডিছপ্লে আছে। ফোনটোত স্নেপড্ৰেগন ৬এছ জেন ৩ আছে, য’ত আছে ১৬জিবি ৰেম (ভাৰ্চুৱেল ৰেমসহ) আৰু ইউএফএছ ২.২ ষ্ট’ৰেজ। ইয়াৰ ৫০ মেগাপিক্সেল এআই ডুৱেল কেমেৰা চিষ্টেম আৰু ৮ মেগাপিক্সেল ফ্ৰণ্ট কেমেৰাই বহুমুখী ইমেজিং নিশ্চিত কৰে, লগতে এআই বৈশিষ্ট্যৰ দ্বাৰা সমৰ্থিত। এণ্ড্ৰইড ১৫ৰ সৈতে জিয়মি হাইপাৰঅ’এছ২ত চলি থকা ই উন্নত বুদ্ধিমত্তা আৰু মসৃণ মাল্টিটাস্কিং সুবিধা প্ৰদান কৰে। অসমৰ খুচুৰা বিক্ৰেতাসকলে বিশ্বাস কৰে যে ৰেডমি ১৫.৫ জি-এ ছাত্ৰ-ছাত্ৰী আৰু যুৱ পেছাদাৰীসকলক আকৰ্ষিত কৰিব, যিসকলে দীঘলীয়া বেটাৰী সময়ৰ সৈতে নিৰ্ভৰযোগ্য প্ৰদৰ্শন বিচাৰিছে। ব্যৱসায়ীসকলে উল্লেখ কৰা অনুসৰি গুৱাহাটী মহানগৰীত অত্যাধুনিক বৈশিষ্ট্য সমৃদ্ধ ৫জি মডেলৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি হৈছে, যাৰ ফলত অসমৰ বজাৰৰ বাবে এই নতুন মোবাইল মুকলি সময়োপযোগী বিবেচিত হৈছে। ২৮ আগষ্টৰ পৰা উপলব্ধ এই ফ্ৰষ্টেড হোৱাইট, মিডনাইট ব্লেক আৰু ছেণ্ডী পাৰ্পল ৰঙৰ মোবাইলটোৰ মূল্য ১৪,৯৯৯ টকাৰ পৰা আৰম্ভ হৈছে। Share this:FacebookX Related Post navigation উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে ধৰা পৰিল শিক্ষা বিষয়া উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণৰ