চৰকাৰী দায়িত্ব পালন কৰি উভতি অহাৰ পথতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে তিনিগৰাকীকৈ উচ্চপদস্থ কেন্দ্ৰীয় তথ্য বিষয়াই। বৃহস্পতিবাৰে বিয়লি মিজোৰামৰ চাটীকৰ সমীপত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো। পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই বিষয়া কেইগৰাকী কঢ়িয়াই নিয়া বাহনখন এটা দ খাৱৈত বাগৰি পৰাৰ ফলত আটাইকেইজনৰে ঘটনাস্থলীতে কৰুণ মৃত্যু ঘটে। নিহত বিষয়াসকলক পিআইবি আৰু চিবিচি ইম্ফল আঞ্চলিক কাৰ্যালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড০ এংগাম পামে, দূৰদৰ্শন কেন্দ্ৰ আইজলৰ বাতৰি বিভাগৰ সঞ্চালক পু নাম্পিবৌ মাৰিনমাই আৰু আইজল চিবিচিৰ মাল্টি-টাস্কিং ষ্টাফ পু এইচ লিয়ানভেলা বুলি চিনাক্ত কৰা হৈছে। এই দুৰ্ঘটনাত বাহনখনৰ চালকৰ লগতে আন এজন লোকো গুৰুতৰভাৱে আহত হয়। তথ্য অনুসৰি, আন্তঃমাধ্যম প্ৰচাৰ সমন্বয় সমিতিৰ বৈঠক আৰু পিআইবি আইজলৰ এগৰাকী অনুবাদক নিযুক্তি সম্পৰ্কীয় চৰকাৰী কামৰ বাবে মিজোৰামলৈ আহিছিল ড০ এংগাম পামে। বৃহস্পতিবাৰে ড০ পামে তেওঁৰ সতীৰ্থ পু নাম্পিবৌ মাৰিনমাই আৰু অন্যান্য বিষয়া-কৰ্মচাৰীসকলৰ সৈতে চিয়ালচুক ভ্ৰমণলৈ গৈছিল। চিয়ালচুকৰ কাম সামৰি আইজল অভিমুখে উভতি আহি থকাৰ সময়তে চাটীক গাঁৱৰ সমীপত তেওঁলোকৰ বাহনখনে তীব্ৰ বেগত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাস্থলী অত্যন্ত দুৰ্গম আৰু ঠেক পাহাৰীয়া এলেকা হোৱাৰ বাবে লগে লগে মৃতদেহকেইটা উদ্ধাৰ কৰাত চৰম প্ৰত্যাহ্বানৰ সৃষ্টি হয়। স্থানীয় চিয়ালচুক আৰক্ষী আৰু ৱাইএমএৰ সদস্যসকলে তৎকালীনভাৱে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। একেলগে তিনিগৰাকীকৈ নিষ্ঠাবান চৰকাৰী বিষয়াৰ এনে আকস্মিক বিয়োগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে। Share this:FacebookX Related Post navigation ভাৰতত মৌচুমী বৃষ্টিপাত হ্ৰাস: পাঁচখন ৰাজ্যত খৰাং ঘোষণা