দুচকীয়া আৰু তিনিচকীয়া খণ্ডত পৰিচালনা কৰা এক আগশাৰীৰ বৈশ্বিক গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান টিভিএছ মটৰ কোম্পানীয়ে নিজৰ ফ্লেগশ্বিপ মটৰচাইকেল, টিভিএছ আপাচিৰ ২০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আকৰ্ষণীয় বাহনখনৰ সীমিত সংস্কৰণৰ ভিন্ন ৰূপ-টিভিএছ আপাচি আৰটিআৰ ১৬০, ১৮০, ২০০ আৰু টিভিএছ আপাচি আৰআৰ৩১০ আৰু আৰটিআৰ৩১০ মুকলি কৰি আৰটিআৰ আৰটিআৰ ১৬০ ৪ভি আৰু আৰটিআৰ ২০০ ৪ভি-ৰ নতুন, টপ-অফ-দ্য-লাইন ট্ৰীমৰ সৈতে ভাৰতত ক্ৰীড়া মটৰচাইকেলৰ বাবে সুকীয়া মানদণ্ড প্ৰতিষ্ঠা কৰিছে। সীমিত সংস্কৰণৰ আপাচিত এটা অনন্য ব্লেক-চেম্পিয়ন-গল্ড লিভাৰী, ডুৱেল টোন এলয় হুইল আৰু ইউএছবি চাৰ্জাৰ আৰু অন্যান্য বহুতো বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছে, যাৰ ফলত এইসমূহ বাহন প্ৰকৃত সংগ্ৰাহকৰ অনন্য টুকুৰা হৈ পৰিছে।

সীমিত সংস্কৰণৰ বাৰ্ষিকী পৰিসৰত উদযাপনমূলক ৰং, গ্রাফিক্স আৰু লিভাৰী, ইউএছবি চাৰ্জাৰ আৰু ডুৱেল টোন এলয় হুইল অন্তৰ্ভুক্ত কৰা হৈছে। নতুন টিভিএছ আপাচি ৪ভি বাহনসূচীত এলইডি ডিআৰএলৰ সৈতে এটা সম্পূৰ্ণ নতুন ক্লাছ-ডি প্ৰজেক্টৰ হেডলেম্প, টিভিএছ স্মাৰ্টএক্সনেক্ট আৰু ভইচ এচিষ্টৰ সৈতে ৫” টিএফটি ক্লাষ্টাৰ, ট্ৰেকচন কণ্ট্ৰল চিষ্টেম, নতুন ৰং আৰু গ্রাফিক্সৰ সৈতে প্ৰাণৱন্ত পূপত আত্মপ্ৰকাশ কৰিছে।

টিভিএছ মটৰ কোম্পানীৰ সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া কে এন ৰাধাকৃষ্ণনে এই বিষয়ে সদৰি কৰি কয় যে, “আমি সমগ্ৰ বিশ্বৰ ৬.৫ মিলিয়ন শক্তিশালী টিভিএছ আপাচি সম্প্ৰদায়ৰ ওচৰত গভীৰভাৱে কৃতজ্ঞ, যাৰ অবিচল আস্থা আৰু আৱেগে যোৱা দুটা দশকত আমাৰ যাত্ৰাক গঢ় দিছে।  প্ৰদৰ্শন আৰু এড্ৰেনালিনৰ প্ৰতি থকা ব্যৱহাৰকাৰীৰ অনুৰাগে টিভিএছ অপাচেক বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পোৱা ক্ৰীড়া মটৰচাইকেল ব্ৰেণ্ডসমূহৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তুলিছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *