আৰক্ষীৰ গুলীত নিহত হ’ল নগাঁৱৰ মৰিকলঙত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত খাইৰুল আলী। মঙলবাৰে পুৱতি নিশা জিলাখনৰ ৰঙালু আৰক্ষী চকীৰ অন্তৰ্গত বৰকুণ্ডলি মিকিৰপাৰত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, মণি ওৰফে খাইৰুল আলী নামৰ এই কুখ্যাত অপৰাধীটোৰ ঘৰ লখিমপুৰৰ থানা ৰোডৰ ৮ নং ৱাৰ্ডত। আৰক্ষীৰ ভাষ্য অনুসৰি, সোমবাৰে নিশা ডকাইতৰ এটা দলে অঞ্চলটোত পুনৰ এক অপৰাধ সংঘটিত কৰাৰ বাবে গোপন প্ৰস্তুতি চলাইছিল। এই সন্দৰ্ভত এক নিৰ্দিষ্ট তথ্য লাভ কৰি নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশাৰ ভাগতে অভিযান চলায়। আৰক্ষীৰ দলটোৱে ডকাইত সক্ৰিয় থকা স্থান ঘেৰি ধৰাৰ চেষ্টা কৰাৰ সময়তে অপৰাধীৰ দলটোৱে আৰক্ষীক লক্ষ্য কৰি দুজাঁই গুলীচালনা কৰে। এই গুলী আৰক্ষীৰ বাহনত লাগে। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে গুলী চলায় আৰু দুয়োপক্ষৰ মাজত হোৱা এই গুলীয়াগুলিৰ অন্তত খাইৰুল আলী থিতাতে নিহত হয়। অভিযানৰ শেষত ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ এম এম পিষ্টল, দুটা খালী কাৰ্টিজ, এখন দা আৰু এডাল লোৰ ৰড উদ্ধাৰ কৰে। অৱশ্যে আন্ধাৰৰ সুযোগ লৈ ডকাইতৰ দলটোৰ আন কেইবাজনো সদস্য পলাই সাৰিবলৈ সক্ষম হয়। পলাই যোৱা অপৰাধীসকলক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত এক ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে। নিশাৰ এই গুলীচালনাৰ শব্দই স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰে। এজন স্থানীয় বাসিন্দাই জনোৱা মতে, নিশা প্ৰায় ২ বজাত তেওঁলোকে ফটকা ফুটাৰ দৰে বিকট শব্দ শুনিবলৈ পাইছিল। বাহিৰলৈ ওলাই অহাৰ পিছত আৰক্ষীৰ লোকক প্ৰত্যক্ষ কৰি তেওঁলোক পুনৰ ঘৰৰ ভিতৰলৈ সোমাই যায়। পৰৱৰ্তী সময়ত পুৱা প্ৰায় ৩:৩০ বজাত আৰক্ষীৰ লোকে তেওঁলোকক এই এনকাউণ্টাৰৰ ঘটনাৰ বিষয়ে অৱগত কৰে। উল্লেখ্য যে যোৱা ২৪ এপ্ৰিলত নগাঁৱৰ মৰিকলঙত সংঘটিত হোৱা এক ভয়ংকৰ ডকাইতি কাণ্ডৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল এই খাইৰুল আলী। সেই দিনা এটা সশস্ত্ৰ ডকাইতৰ দলে মৰিকলঙৰ বিশিষ্ট চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰিছিল। ডকাইতৰ দলটোৱে চোকা অস্ত্ৰৰে চলোৱা আক্ৰমণত চিকিৎসক শইকীয়া আৰু তেওঁৰ পত্নী ৰূপৰেখা ভূঞা গুৰুতৰভাৱে আহত হৈছিল। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত প্ৰায় দুসপ্তাহ ধৰি চিকিৎসাধীন হৈ থকাৰ অন্তত ৰূপৰেখা ভূঞাই মৃত্যুক সাৱটি লয়। এই মৃত্যুৰ পিছতে আৰক্ষীয়ে সমগ্ৰ গোচৰটোত ডকাইতিৰ সৈতে হত্যাৰ ধাৰা সংযোগ কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, মৰিকলঙৰ বাসগৃহত সৰ্বপ্ৰথম প্ৰৱেশ কৰা আৰু চিকিৎসক শইকীয়াক প্ৰথম আক্ৰমণ কৰা অপৰাধীজন আছিল এই খাইৰুল আলী। পূৰ্বে গ্ৰেপ্তাৰ হোৱা সতীৰ্থসকলৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে তেওঁক মষ্ট ৱাণ্টেড ঘোষণা কৰি অনুসন্ধান চলাই আছিল যদিও সোমবাৰে নিশালৈকে তেওঁৰ সঠিক অৱস্থান লাভ কৰা নাছিল। আৰক্ষীৰ নথিপত্ৰ অনুসৰি, নগাঁও আৰু লখিমপুৰৰ বিভিন্ন থানাত খাইৰুলৰ বিৰুদ্ধে চুৰি আৰু ডকাইতিৰ কমেও আঠটাকৈ গোচৰ পঞ্জীয়ন হৈ আছে। আনকি নগাঁৱৰ কেইবাখনো হোটেলত ভুৱা নামেৰে থকা তেওঁৰ নামৰ এণ্ট্ৰিয়ে নতুন অপৰাধৰ পৰিকল্পনা কৰাৰ তথ্য প্ৰমাণ দাঙি ধৰিছে। এই কাণ্ডৰ সৈতে জড়িত ওমৰ আলী আৰু মিন্টু আলীক আৰক্ষীয়ে ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছত লখিমপুৰৰ পৰা লম্বা আলী, ৰাজিবুৰ ৰহমান আৰু নুৰ হুছেইনকো কৰায়ত্ত কৰা হয়। আনহাতে, ডকাইতৰ দলটোক আশ্ৰয় আৰু ভিতৰৰ তথ্য যোগান ধৰাৰ অভিযোগত হৰিশ শৰ্মা আৰু সতাশ শ্বাহ নামৰ আন দুজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। Share this:FacebookX Related Post navigation ইন্ধনৰ ভয়াবহ মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ উত্তাল প্ৰতিবাদ কামাখ্যা দৰ্শন ভূটানৰ প্ৰধানমন্ত্ৰীৰ