বিহুৰ বন্ধৰ বিৰতিৰ অন্তত ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ’ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ শুনানি। ছিংগাপুৰত সংঘটিত এই চাঞ্চল্য্যকৰ ঘটনাৰ সন্দৰ্ভত শুকুৰবাৰৰ পৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপৰ প্ৰক্ৰিয়া আগবাঢ়ে। শুনানি কালত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই তদন্তৰ অনুমোদনক লৈ সৃষ্টি হোৱা আইনী জটিলতাৰ বিৰুদ্ধে আদালতত তীব্ৰ প্ৰত্যাহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা তদন্তৰ অনুমোদনত বিসংগতি থকা বুলি অভিযুক্ত পক্ষৰ অধিবক্তাই পূৰ্বে কৰা দাবী পোনপটীয়াকৈ নস্যাৎ কৰে মহাধিবক্তা দেৱজিৎ শইকীয়াই। শুকুৰবাৰে আদালতত যুক্তি দৰ্শাই শইকীয়াই কয় যে এই অনুমোদন প্ৰক্ৰিয়াত কোনো ধৰণৰ ত্ৰুটি ৰৈ যোৱা নাই। গোচৰটোত যাতে কোনো আইনী গাফিলতি নাথাকে, তাৰ বাবে জিয়াউল কামাৰৰ নেতৃত্বাধীন লোক অধিবক্তাৰ দলে সকলো দিশ পৰীক্ষা কৰি থকা বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত সদৰী কৰে। ইফালে, কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা বুলিও এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে মহাধিবক্তাগৰাকীয়ে। গুৱাহাটীৰ ক্ৰাইম ব্ৰান্সত ৰুজু হোৱা গোচৰৰ ভিত্তিত তেলেংগানা উচ্চ ন্যায়ালয়ে খেড়াক প্ৰদান কৰা ৭ দিনীয়া ট্ৰেনজিট জামিনৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছে শীৰ্ষ আদালতে। উচ্চতম ন্যায়ালয়ে পৱন খেড়াক সকাহ দিয়াৰ পৰিৱৰ্তে অবিলম্বে অসমৰ সংশ্লিষ্ট আদালতত জামিন আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে তিনিখনকৈ পাছপ’ৰ্ট থকা আৰু ডুবাইত অবৈধ সম্পত্তি থকা বুলি পূৰ্বে অভিযোগ উত্থাপন কৰিছিল পৱন খেড়াই। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী শপতনামাত এই তথ্য লুকুৱাই ৰখা বুলি কংগ্ৰেছ নেতাজনে কৰা দাবীক প্ৰতাৰণা আখ্যা দি ৰিণিকি ভূঞা শৰ্মাই ক্ৰাইম ব্ৰান্সত গোচৰ তৰে। এই গোচৰৰ ভিত্তিতেই এতিয়া উচ্চতম ন্যায়ালয়ত মোক্ষম আঘাতৰ সন্মুখীন হ’বলগীয়া হৈছে কংগ্ৰেছী নেতাগৰাকী। শুকুৰবাৰৰ এই শুনানিৰ পাছত এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আৰু পৱন খেড়াৰ আইনী যুঁজক লৈ সমগ্ৰ ৰাজ্যতে নতুন চৰ্চাৰ সৃষ্টি হৈছে। চৰকাৰী পক্ষই গোচৰৰ ধাৰা আৰোপৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত আগন্তুক দিনত বিচাৰ প্ৰক্ৰিয়া অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। Share this:FacebookX Related Post navigation ষ্টাৰ হেল্থ ইঞ্চুৰেন্সৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সুস্থতা আৰু ডিজিটেল স্বাস্থ্যৰ সুবিধা সম্প্ৰসাৰণ লতাশিল বিহুত সংগীতা ৰাভাৰ জয়ধ্বনি; বিহু কুঁৱৰী কৃষ্ণা, বিহুৰাণী বৰষা