নতুন চৰকাৰৰ শপতগ্রহণক লৈ ব্যাপক তৎপৰতা । প্রায় এক লাখ লোকৰ উপস্থিতিত অহা ১২ মে’ত দিনৰ ১১ বজাত শপতগ্ৰহণ কৰিব নতুন চৰকাৰে। খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া শপতগ্রহণ অনুষ্ঠানক লৈ এতিয়া উখল-মাখল পৰিবেশ বিৰাজ কৰিছে গেৰুৱা শিবিৰত। শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ কেইবাগৰাকী উদ্যোগপতিৰ লগতে ৰাজ্যৰ কেইবাগৰাকী সত্ৰাধিকাৰ। আনহাতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ ই লগতে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্রীও থাকিব অনুষ্ঠানত। একেদৰে অংশ ল’ব দেশৰ প্ৰায় ২০খন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীসকলে। বিজেপি আৰু – অগপৰ বুথ সভাপতি তথা গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্রতিনিধিসকলো থাকিব অনুষ্ঠানত। আনহাতে অহা ১০ মে’ৰ পুৱা বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক। কেন্দ্রীয় পর্যবেক্ষক জে পি নাড্ডা আৰু সহঃ পর্যবেক্ষক নায়েব সিং ছাইনীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া উক্ত বৈঠকতে বাছনি কৰা হ’ব বিধায়িনী দলৰ নেতা। সিদিনাই দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব এন ডি এৰ বৈঠক। উক্ত বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ’ব। তাৰ পিচতে সিদিনা দুপৰীয়া এন ডি এৰ বিধায়িনী দলে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ দাখিল কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *