চাৰি দিনীয়া ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ অন্তত পুনৰ মুকলি হ’ল মা কামাখ্যা মন্দিৰৰ দুৱাৰ। পুৱাই পৰা হাজাৰ হাজাৰ ভক্তই শাৰী পাতি মা কামাখ্যাৰ দৰ্শন আৰু পূজাৰ বাবে সমবেত হয় নীলাচল পাহাৰত।

সোমবাৰে সন্ধিয়াৰ পৰা বাৰ্ষিক আম্বুবাচী উপলক্ষে বন্ধ ৰখা হৈছিল মন্দিৰৰ দুৱাৰ। ধৰ্মীয় বিশ্বাস অনুসৰি এই সময়ছোৱাত মা কামাখ্যাই ঋতুচক্ৰত অৱতীৰ্ণ হয়। পৰম্পৰাগত স্নান আৰু পূজা-অৰ্চনা সম্পন্ন কৰাৰ পাছতে শুকুৰবাৰে পুৱা পুনৰ মুকলি কৰা হয় মন্দিৰ।

মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, দুৱাৰ মুকলি হোৱাৰ বহু আগৰে পৰাই নীলাচল পাহাৰত ভক্তৰ ভিৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। সূৰ্যাস্তলৈকে মন্দিৰ খোলা থাকিব আৰু সকলো ভক্তই শান্তিপূৰ্ণভাৱে দৰ্শনৰ সুযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে কৰ্তৃপক্ষই।

এইবাৰৰ আম্বুবাচী মেলাত আঠ লাখতকৈ অধিক ভক্তই অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “মা কামাখ্যাৰ আম্বুবাচীৰ অন্তৰ্নিহিত তাৎপৰ্যৰ তুলনা পৃথিৱীৰ আন কোনো ঠাইতে নাই। অসমৰ সভ্যতাগত ঐতিহ্যত নাৰী শক্তিৰ কেন্দ্ৰীয় স্থানৰ এক অনন্য প্ৰতীক হৈছে এই উৎসৱ।”

অসমৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশ হিচাপে পৰিচিত আম্বুবাচী মেলাত প্ৰতি বছৰে দেশ-বিদেশৰ লাখ লাখ তীৰ্থযাত্ৰী, সাধু-সন্ন্যাসী আৰু পৰ্যটকৰ সমাগম ঘটে।

চৰকাৰী তথ্য অনুসৰি, ২০২৫ চনৰ আম্বুবাচী মেলাত ৪২ জন বিদেশী নাগৰিকসহ মুঠ ৭,৭২,০১৯ জন ভক্তই অংশগ্ৰহণ কৰিছিল। ২০২৪ চনত এই সংখ্যা আছিল ৭,৪৬,০৬৬, যাৰ ভিতৰত ২০ জন আছিল বিদেশী ভক্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *