গোপন সূত্ৰৰ ভিত্তিত চলোৱা আৰক্ষীৰ অভিযানত পোহৰলৈ আহিল অবৈধ গো-মাংস বিক্ৰীৰ সন্দেহজনক কাৰ্যকলাপ। ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত চাৰালডাঙা গাঁৱত শুকুৰবাৰে চলোৱা এই অভিযানত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উপ-পৰিদৰ্শক (প্ৰশিক্ষণৰত) প্ৰভাষ কৰ্মকাৰৰ নেতৃত্বত ৰমজান আলীৰ বাসগৃহত অভিযান চলোৱা হৈছিল। আৰক্ষীৰ দলটো দেখি পলায়নৰ চেষ্টা কৰিছিল অভিযুক্তসকলে যদিও ঘটনাস্থলৰ পৰাই পাঁচোজনকে আটক কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে ৰমজান আলী, মেহেদী হুছেইন, মেহবুব হুছেইন, আতিকুল আলম আৰু ছাহিদ আলম। তালাচীৰ সময়ত ঘৰৰ ভিতৰত তেজৰ দাগ, হাড়ৰ টুকুৰা, মাংস কটা কাঠৰ কুণ্ডা, এটা ডাঙৰ পাত্ৰ আৰু বিতৰণৰ বাবে প্ৰস্তুত কৰি ৰখা কেঁচা মাংসৰ পেকেট উদ্ধাৰ হয়। এই সামগ্ৰীসমূহৰ ভিত্তিত তাত অবৈধভাৱে গৰু জবাই কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। অভিযানত ৬৬.৬৪ কিলোগ্ৰাম সন্দেহযুক্ত গৰুৰ মাংস, এটা জীৱিত ৰঙা গৰু, এখন তৰোৱাল, তিনিখন ছুৰী আৰু এখন দা জব্দ কৰে আৰক্ষীয়ে। স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত জব্দ কৰা সামগ্ৰীসমূহ আৰু অভিযুক্তসকলক গৌৰীপুৰ থানালৈ নিয়া হয় আৰু আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্তসকল কোনো বৃহৎ অবৈধ গৰু জবাই অথবা গৰু সৰবৰাহ চক্ৰৰ সৈতে জড়িত আছিল নেকি, সেই দিশটোও তদন্তত খতিয়ান কৰি চোৱা হৈছে। Share this:FacebookX Related Post navigation আম্বুবাচীৰ নিবৃত্তি; ভক্তৰ বাবে পুনৰ মুকলি হ’ল কামাখ্যা মন্দিৰৰ দুৱাৰ