নিৰ্বাচনৰ সময়ত প্ৰদান কৰা বৃহৎ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লক্ষ্যৰে আৰু নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে এইবাৰ হাতত লৈছে এক অভিলাষী আঁচনি। ৰাজ্যত তৃতীয়বাৰৰ বাবে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে এইবাৰ অহা পাঁচ বছৰৰ ভিতৰত ২ লাখ প্ৰাৰ্থীক চৰকাৰী চাকৰি যোগান ধৰাৰ সংকল্প লৈছে। এই সন্দৰ্ভত বুধবাৰে লোকসেৱা ভৱনত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ অধ্যক্ষতাত উচ্চপদস্থ বিষয়াসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

কেবিনেটৰ সিদ্ধান্ত আৰু নিৰ্বাচনী সংকল্পপত্ৰ অনুসৰি এই ২ লাখ নিযুক্তিৰ প্ৰক্ৰিয়াটো কিদৰে আগবঢ়াই নিয়া হ’ব, তাক লৈ বৈঠকত বিশদ আলোচনা কৰা হয়। ইয়াৰ বাবে পূৰ্বে গঠন কৰি দিয়া বিশেষ টাস্ক ফ’ৰ্চে অনাগত দিনত ল’বলগীয়া কাৰ্যপন্থাৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য যে, বিগত কাৰ্যকালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে অসম চৰকাৰে ইতিমধ্যে ১.৬৪ লাখৰো অধিক প্ৰাৰ্থীক চৰকাৰী নিযুক্তি প্ৰদান কৰিছে।

ৰাজহুৱা নিয়োগৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোক এক স্বচ্ছ, শৃংখলিত আৰু ভৱিষ্যতমুখী ৰূপ দিবলৈ ৰাজ্য চৰকাৰে কেইবাটাও বিশেষ দিশত কাম আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত চৰকাৰী বিভাগসমূহৰ উপৰি স্বায়ত্তশাসিত সংস্থা, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু বিভিন্ন মিছনসমূহত খালী থকা বা ভৱিষ্যতে খালী হ’বলগীয়া পদসমূহ জৰীপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। একেদৰে প্ৰতিবছৰে অৱসৰ ল’বলগীয়া কৰ্মচাৰীৰ সংখ্যা হিচাপ কৰি ক্ষেত্ৰভিত্তিক কাৰ্যালয়সমূহৰ খালী পদৰ মূল্যায়ন কৰা হ’ব। দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহত যাতে কৰ্মচাৰীৰ অভাৱ নহয়, তাৰ বাবেও এক বিশেষ নীতি প্ৰস্তুত কৰাৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়।

চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে ৰাজ্যখনত উদ্যোগীকৰণ আৰু আত্মসংস্থাপন বৃদ্ধি কৰাৰ বাবেও চৰকাৰে সমানে গুৰুত্ব দিছে। এই ক্ষেত্ৰত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ দৰে জনপ্ৰিয় আঁচনিৰ জৰিয়তে যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰি তোলাৰ এক আঁচনি প্ৰস্তুত কৰা হৈছে। অহা পাঁচ বছৰৰ এই নিযুক্তিৰ লক্ষ্য সুকলমে সম্পূৰ্ণ কৰিবলৈ আটাইকেইটা চৰকাৰী বিভাগক এক বিশদ আভ্যন্তৰীণ মূল্যায়ন কৰি এটা সম্পূৰ্ণ ৰোডমেপ জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰকাৰৰ এই খৰতকীয়া পদক্ষেপে বৰ্তমান বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হৈ থকা ৰাজ্যৰ লাখ লাখ নিবনুৱা পৰীক্ষাৰ্থীক যথেষ্ট উৎসাহিত কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *