স্কোডা অটো ইণ্ডিয়াই ভাৰতত ২৫ বছৰীয়া ব্যৱসায়িক যাত্ৰা উদযাপনৰ লগতে নিজৰ আচল ৰূপ পুনৰ প্ৰদৰ্শন কৰিছে, সম্পূৰ্ণ-নতুন অক্টেভিয়া ৰেড স্প’ৰ্ট (আৰএছ) মুকলি কৰি সকলোকে চমক দিলে। সীমিত সংখ্যক সম্পূৰ্ণৰূপে নিৰ্মিত বাহন (এফবিইউ) হিচাপে উপলব্ধ, অক্টেভিয়া আৰএছে সামঞ্জস্যপূৰ্ণ ড্ৰাইভিং ডাইনেমিক্স, বলিষ্ঠ ডিজাইন আৰু স্পষ্ট আৰএছ ভাৱক সামৰি লৈছে, যিয়ে ভাৰতত পুনৰ ঘূৰি আহি নতুন ৰূপত উত্থানেৰে একচেটিয়া আইকন হিচাপে উৎসাহী আৰু অনুৰাগীৰ বাবে বিশেষ ধৰণে সকলৰ বাবে বাহন মুকলি কৰিছে। এই আৰম্ভণিৰ বিষয়ে সদৰী কৰি স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ, আশীষ গুপ্তই কয় যে, “অক্টেভিয়া আৰএছলৈ সঁহাৰি আচৰিত ধৰণৰ ইতিবাচক হৈছে। এই বিশেষ মডেলটোৱে সঁচাকৈয়ে গোটেই দেশৰ ড্ৰাইভিং উৎসাহীসকলৰ আবেগক অনুৰণিত কৰি তুলিছে, যিয়ে অক্টেভিয়া আৰএছে গোলকীয়ভাৱে প্ৰতিষ্ঠিত কৰিছে।” অক্টেভিয়া আৰএছৰ সন্নিবিষ্ট কৰা হৈছে ২.০ টিএছআই টাৰ্ব’চাৰ্জড পেট্ৰ’ল ইঞ্জিন, যিয়ে ১৯৫ কিল’ৱাট (২৬৫ পিএছ) শক্তি আৰু ৩৭০ নিউটন মিটাৰ টৰ্ক উৎপন্ন কৰে। ইয়াৰ উন্নত চেচিছ ছেটআপ, উন্নীত ষ্টিয়াৰিং আৰু স্প’ৰ্টছ চাছপেনচনে সূক্ষ্ম হেণ্ডলিং আৰু ড্ৰাইভিং ডাইনেমিক্স প্ৰদান কৰে। সম্পূৰ্ণ নতুন অক্টেভিয়া আৰএছে স্কোডাৰ বলিষ্ঠ ডিজাইন ৰূপ অব্যাহত ৰাখিছে, যি সম্পূৰ্ণ এলইডি মেট্ৰিক্স হেডলাইট, ডাইনেমিক ইণ্ডিকেটসহিতে এলইডি টেইল লেম্প আৰু ডাঠ ক’লা ৰঙৰ ষ্টাইল উপাদানৰ দ্বাৰা পৰিবেষ্টিত। ইয়াৰ ডাইনেমিক ছিলুৱেটটোক পাঁচটা উজ্জ্বল ৰঙৰ বিকল্পৰ দ্বাৰা অতিৰিক্তভাৱে পৰিপূৰক কৰা হৈছে, যেনে: মামবা গ্ৰীন, কেণ্ডি ৱাইট, ৰেচ ব্লু, মেজিক ব্লেক, আৰু ভেলভেট ৰেড। ভিতৰভাগত, অক্টেভিয়া আৰএছে স্প’ৰ্টিনেছ আৰু উচ্চ স্তৰৰ আৰামৰ মাজৰ ভাৰসাম্য বজাই ৰাখিছে। কেবিনটোত ৰঙা কনট্ৰাষ্ট ষ্টিচিং সহিতে চুইডিয়া/লেডাৰ আপহ’লষ্ট্ৰি, ইলেক্ট্ৰিক এডজাষ্ট, মেমৰি, হিটিং আৰু মাচেজ ফাংচন, স্প’ৰ্টছ ফ্ৰণ্ট আসন, এম্বিয়েণ্ট লাইট আৰু ভাৰ্চুৱেল ককপিট আছে। অক্টেভিয়া আৰএছ স্কোডাৰ আটাইতকৈ নতুন এডাছ চ্যুটেৰে সজ্জিত, য’ত আছে এডাপ্টিভ ক্ৰুজ কণ্ট্ৰ’ল (এচিচি), অ’ট’নমাছ ইমাৰজেন্সি ব্ৰেকিং (এইবি), লেন এচিষ্ট আৰু ইণ্টেলিজেন্ট পাৰ্ক এচিষ্ট। প্ৰতিটো স্কোডাৰ দৰেই, অক্টেভিয়া আৰএছ স্কোডা অটো ইণ্ডিয়াৰ শিল্প-শ্ৰেষ্ঠ মালিকীস্বত্ব পেকেজৰ দ্বাৰা সমৰ্থিত, য’ত ৪-বছৰ/১,০০,০০০ কিলোমিটাৰ ৱাৰেণ্টি আৰু ৪-বছৰৰ বিনামূলীয়া ৰোড-চাইড এচিষ্টেন্স অন্তৰ্ভুক্ত কৰা হৈছে। Share this:FacebookX Related Post navigation জুবিন গাৰ্গ বিহীন এটা মাহ টিভিএছ মটৰ সম্পূৰ্ণ নতুন টিভিএছ আপাচি আৰটিএক্স মুকলি কৰিছে